বৃহস্পতিবাৰে ওদালগুৰিৰ ৪ সমষ্টিত ভোটগ্ৰহণ

বৃহস্পতিবাৰে ওদালগুৰিৰ ৪ সমষ্টিত ভোটগ্ৰহণ

author-image
asomiyapratidin
New Update
বৃহস্পতিবাৰে ওদালগুৰিৰ  ৪ সমষ্টিত ভোটগ্ৰহণ

ডিজিটেল সংবাদ, ওদালগুৰিঃ বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। ওদালগুৰি জিলাৰ তিনিটাকৈ সমষ্টিক সামৰি বৃহস্পতিবাৰে অনুষ্ঠিত হব ভোটগ্ৰহণ।সমষ্টিকেইটা ক্ৰমে ৬৪ নম্বৰ পানেৰী, ৬৯ নম্বৰ ওদালগুৰি আৰু ৭০ নম্বৰ মাজবাট।ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিৰ্বাচনী বিভাগে পৰিচালনা কৰিব সমষ্টি কেইটাৰ নিৰ্বাচন।

Advertisment

জিলাখনত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৪,৬৬,৯৬৫ গৰাকী। ইয়াৰে ২,৩৬,০৫৯ গৰাকী পুৰুষ,২,৩০,৯০১ গৰাকী মহিলা আৰু ৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। ৬৪ নম্বৰ পানেৰী বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৫৩,৪৪১ গৰাকী ৬৯ নম্বৰ ওদালগুৰি (অঃসুঃজঃজাঃ) বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৫৬,০৭৫ গৰাকী।৭০ নম্বৰ মাজবাট বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ'ল ১,৫৭,৪৪৯ গৰাকী।জিলাখনত প্ৰতি এহেজাৰ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ অনুপাত হৈছে ৯৭৮ গৰাকী।

ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে নিৰ্বাচনী দ্বায়িত্বত নিয়োজিত বিষয়াসকল। নিৰাপত্তাৰ ক্ষেত্ৰতো গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা।জিলাখনলৈ ইতিমধ্যে অনা হৈছে ২০ টাতকৈ অধিক নিৰাপত্তাৰক্ষীৰ কোম্পানী। জিলাখনৰ ভিন্ন প্ৰান্তত তালাচীৰ লগতে মোৱাইল পেট্ৰলিঙৰ ব্যৱস্থা কৰা হৈছে।স্পৰ্শকাতৰ কেন্দ্ৰসমূহত পৰ্যাপ্ত নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰা হৈছে।