/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/ptyush.jpg)
ডিজিটেল ডেস্ক,মায়ং : হাজাৰ হাজাৰ দলীয় সমৰ্থকক লগত লৈ আজি মনোনয়নপত্ৰ দাখিল কৰিব জাগীৰোড ৰ বিধায়ক তথা মন্ত্ৰী পীয়ুষ হাজৰিকাই।এই উপলক্ষে জাগীৰোড ৰ দেওঁশাল শিৱ মন্দিৰত পূজা অৰ্চনা আগবঢ়াই পীয়ুষ হাজৰিকাই পৰিয়ালৰ সৈতে ৷
অভিনেত্ৰী পত্নী আইমী বৰুৱা, পুত্ৰ বীৰ হাজৰিকা আৰু কন্যা জিগুক লগত লৈ দেওঁশাল শিৱথানত আশিষ লয় পীয়ুষ হাজৰিকাই ৷সমষ্টিৰ চাৰিওফালৰ পৰা গাড়ী,বাইক আদিৰে হাজাৰ হাজাৰ লোক মনোনয়ন দাখিল ৰ বাবে হাজৰিকাৰ সতে ওলাই আহে।আজি মনোনয়ন দাখিল কৰা সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সংগ দিয়াৰ কথা আছে।ইতিমধ্যে জাগী ভকত গাঁও খেলপথাৰত সমবেত হৈছে কৰ্মী সমৰ্থক সকল।