ছিপাঝাৰৰ আনন্দ,পৰমানন্দ…

ছিপাঝাৰৰ আনন্দ,পৰমানন্দ…

author-image
asomiyapratidin
New Update
ছিপাঝাৰৰ আনন্দ,পৰমানন্দ…

ডিজিটেল ডেস্ক : দুদিনৰ আগলৈকে তেওঁ আছিল অসম গণ পৰিষদত । সাহিত্য সভা এৰিয়েই ৰাজনীতিত ভৰি থৈছিল পৰমানন্দ ৰাজবংশীয়ে । টিকটৰ খেলিমেলিৰ বাবে হেঙেৰাবাৰীত গৈ গেৰুৱা হৈছিল ৰাজবংশী । বিজেপিত যোগদান কৰা পৰমাক বঞ্চিত নকৰিলে বিজেপি নেতৃত্বই ।

Advertisment

হয়তো আগৰ বুজাবুজিৰ বাবেই অগপ নেতৃত্বৰ সেউজ সংকেত লৈয়ে পৰমাই গমন কৰিছিল বিজেপিলৈ। বুধবাৰে ঘোষণা কৰা বিজেপিৰ তিনিজনীয়া তালিকাত নাম আহিল পৰমাৰ । হোজাইৰ বিধায়ক শিলাদিত্যই ফেল মাৰিলেও ছিপাঝাৰত পৰমা হ'ব বিজেপি প্ৰাৰ্থী ।

উল্লেখ যোগ্য যে বিজেপিত যোগদান কৰিও পৰমাই কৈছিল মই বিজেপি হ'লেও অগপতে আছো । পৰমানন্দ ৰাজবংশীক প্ৰাথিত্ব প্ৰদান কৰাৰ পিছতে তেওঁৰ সম্থকৰ মাজত আনন্দৰ জোৱাৰ উঠিলেও ৰাজবংশীক বিৰোধিতা কৰিছে বিজেপিৰে একাংশই ।