বিজেপি মিত্ৰজোঁটক মুকলি সমৰ্থন ওদালগুৰি জিলা আক্ৰাছুৰ

বিজেপি মিত্ৰজোঁটক মুকলি সমৰ্থন ওদালগুৰি জিলা আক্ৰাছুৰ

author-image
asomiyapratidin
New Update
বিজেপি মিত্ৰজোঁটক মুকলি সমৰ্থন ওদালগুৰি জিলা আক্ৰাছুৰ

ডিজিটেল সংবাদ,ওৰাংঃ ৰাজ্যৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপি মিত্ৰজোঁটক মুকলি সমৰ্থন জনালে ওদালগুৰি জিলা আক্ৰাছুৱে। ওদালগুৰি জিলাৰ প্ৰতিটো সমষ্টিতে ‌আক্ৰাছুৱে সমৰ্থন আগবঢ়াই বিজেপি মিত্ৰজোটক।

Advertisment

মাজবাটত বিজেপি প্ৰাৰ্থী জিতু কিষানক আনুষ্ঠানিক ভাৱে সমৰ্থন আগবঢ়াইছে ওদালগুৰি জিলা আক্ৰাছুৱে। কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া ৯০ শতাংশ আগদবঢ়াই নিয়াৰ বাবেই আক্ৰাছুৱে বিজেপিক সমৰ্থন জনোৱা বুলি মন্তব্য কৰে সংগঠনটোৱে।

কোচ-ৰাজবংশী জনগোষ্ঠীয় লোক সকলৰ জনজাতিৰ মৰ্য্যাদা আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ হকে আন্দোলন কৰি অহা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই বিজেপি মিত্ৰজোঁটক সমৰ্থন জনোৱাত ওদালগুৰি জিলাৰ ‌কোচ-ৰাজবংশী লোকৰ ভোট বিজেপিয়ে লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।