/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/piyush-hazarika.jpg)
ডিজিটেল সংবাদ,মায়ং : মৰিগাঁও জিলাত দ্বিতীয় পৰ্যায়ৰ ১ এপ্ৰিলত অনুষ্ঠিত হব লগীয়া বিধানসভা নিৰ্বাচনৰ বাবে তিনিওটা সমষ্টিৰ পৰা বিভিন্ন ৰাজনৈতিক দল আৰু নিৰ্দলীয় ভাবে যি সকল প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল সেই সমূহ আজি পৰীক্ষা কৰা হয় আৰু আটাইকেইজন প্ৰাৰ্থীৰে মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰা হয় ।
উল্লেখ্য যে ৭৯-জাগীৰোড বিধানসভা সমষ্টি, ৮০-মৰিগাঁও বিধানসভা সমষ্টি আৰু ৮১-লাহৰীঘাট বিধানসভা সমষ্টিৰ বাবে ৰাষ্ট্ৰীয় দল, আঞ্চলিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীকে ধৰি মুঠ ১৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল ।
ইয়াৰে জাগীৰোড বিধানসভা সমষ্টিৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ পিযুষ হাজৰিকা, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ স্বপন কুমাৰ মণ্ডল, অসম জাতীয় পৰিষদৰ বুবুল দাস, ভাৰতীয় গন পৰিষদৰ সুকান্ত মজুমদাৰ, নিৰ্দলীয় প্ৰাৰ্থী দীপক দাসৰ সৈতে মুঠ ৫ গৰাকী, মৰিগাঁও বিধান সভা সমষ্টিৰ বাবে কমিউনিষ্ট পাৰ্টিৰ মুনিন মহন্ত, ভাৰতীয় জনতা পাৰ্টিৰ ৰমাকান্ত দেউৰী, অসম জাতীয় পৰিষদৰ বাণীকান্ত দাস, নিৰ্দলীয় প্ৰাৰ্থী ৰাতুল বৰাৰ সতে মুঠ ৪ গৰাকী আৰু লাহৰীঘাট বিধানসভা সমষ্টিৰ বাবে ইণ্ডিয়ান নেচনেল কংগ্ৰেছ পাৰ্টিৰ ড.আছিফ মহম্মদ নাজাৰ, ভাৰতীয় জনতা পাৰ্টিৰ কাদিৰুজ জামান জিন্না, জনতা দলৰ ( ইউনাইটেড) তছলিমা নাছৰিন, অসম জাতীয় পৰিষদৰ সমজিদা ইয়াছমিন,আৰু নিৰ্দলীয় প্ৰাৰ্থী ছিদ্দিক আহমেদ, জাকাৰিয়া আলম,মহানন্দ পাটগিৰি, মাজাহাৰুল ইছলাম ছিদ্দিকী, ৰবীন্দ্ৰ নাথ বিশ্বাস আৰু ৰেজাউল কৰিমৰ সতে মুঠ ১০ গৰাকী প্ৰাৰ্থী আছে বুলি জানিবলৈ দিয়ে জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে।