প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাট : নাৰায়ণপুৰত বিজেপি কৰ্মীৰ প্ৰতিবাদ…

প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাট : নাৰায়ণপুৰত বিজেপি কৰ্মীৰ প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাট : নাৰায়ণপুৰত বিজেপি কৰ্মীৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : ৰাজ্যৰ বিভিন্ন স্থানৰ সমান্তৰালকৈ বিহপুৰীয়া সমষ্টিতো প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাট আৰম্ভ হৈছে বিজেপিত । বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেৱানন্দ হাজৰিকাক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ বিজেপি কৰ্মীয়ে ৷ সমষ্টিটোৰ নাৰায়ণপুৰস্থিত বিজেপি দলৰ কাৰ্যালয়ত শতাধিক বিজেপি নেতা-কৰ্মী উপস্থিত হৈ দাবী জনালে বিধায়ক গৰাকীৰ প্ৰাৰ্থীত্ব ৷

Advertisment

প্ৰতিবাদী বিজেপি নেতা-কৰ্মী সকলে দেবানন্দ হাজৰিকা জিন্দাবাদ,দেবানন্দ হাজৰিকাক টিকেট দিয়ক আদি শ্ল'গানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে । উল্লেখ্য যে প্ৰাক্তন ছাত্ৰনেতা অমীয় কুমাৰ ভুঞাক দলটোৱে বিহপুৰীয়া সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰা বুলি ওলোৱা খবৰৰ পিছতেই সমষ্টিটোৰ দেবানন্দ হাজৰিকা সমৰ্থীত দলীয় নেতা -কৰ্মীসকলে প্ৰতিবাদ মুখৰ হৈ পৰে ৷

দেবানন্দ হাজৰিকাক এগৰাকী স্বচ্ছ আৰু নিকা জনপ্ৰতিনিধি আখ্যা দি পুনৰ প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনালে বিজেপি নেতা-কৰ্মী সকলে ৷ ইফালে বৰ্তমানৰ বিধায়ক গৰাকী প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হ'লে সমষ্টিটোৰ একাধিক পঞ্চায়ত প্ৰতিনিধিৰ লগতে একাংশ দলীয় বিষয়-ববিয়াইও পদত্যাগ কৰাৰ যোজা-যা চলোৱা বুলিও জানিব পৰা গৈছে ৷