কামপুৰত বিশাল নিৰ্বাচনী সভাত সাংসদ গৌৰৱ গগৈ

কামপুৰত বিশাল নিৰ্বাচনী সভাত সাংসদ গৌৰৱ গগৈ

author-image
asomiyapratidin
New Update
কামপুৰত বিশাল নিৰ্বাচনী সভাত সাংসদ গৌৰৱ গগৈ

ডিজিটেল সংবাদ, কামপুৰঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যখনৰ আন সমষ্টিৰ লগতে নগাঁও জিলাৰ ৮৭ নং বঢ়মপুৰ সমষ্টিত প্ৰধান ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনী প্ৰচাৰ ব্যাপক হৈ উঠিছে। শনিবাৰে বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কামপুৰত মহাজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ গোৰৱ গগৈয়ে।

Advertisment

কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত কেইবা হাজাৰ ৰাইজৰ উপস্থিতিত সাংসদ গৰৱ গগৈয়ে দুৰ্নীতিগ্ৰস্ত বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি এখন নিজা ভাৱমূৰ্তি চৰকাৰ গঠনৰ বাবে এইবাৰ কংগ্ৰেছক দলক সহায়ৰ হাত আগবঢ়াবলৈ ৰাইজক আহ্বান জনায়।

সাংসদ গৰাকীয়ে ভাষণত এইবাৰ নিৰ্বাচনত তৰুন গগৈ নাথাকিব কিন্তু তেথেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি সকলো কংগ্ৰেছী আগবাঢ়িছো আৰু সেয়ে লক্ষ্যত উপনীত হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে । কংগ্ৰেছ দলৰ হাতৰ প্ৰতীকটো শান্তি, সম্প্ৰীতি আৰু দুখীয়াৰ উন্নয়ন বুলি অভিহিত কৰি বিজেপিয়ে দুখীয়াৰ উন্নয়ন নকৰিলে, ধনী শ্ৰেণীৰহে উন্নয়ন কৰিলে বুলি সাংসদ গৰাকীয়ে কয়।

লগতে তেওঁ কয় যে, বিজেপিৰ অপশাসন আৰু জনবিৰোধী নীতিক সমালোচনা কৰি এইবাৰ কংগ্ৰেছ চৰকাৰ হ'লে 'কা' প্ৰযোজ্য হ'ব নিদিয়ে বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে। সাংসদ গগৈয়ে বিজেপি চৰকাৰৰ দিনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বুদ্ধিয়ে ৰাইজক জুৰুলা কৰি পেলাইছে বুলি কয় আৰু বিজেপি পুনৰ শাসনলৈ আহিলে অসমৰ সকলো সম্পদ পুঁজিপতিৰ হাতলৈ যোৱাটো খাটাং বুলি মন্তব্য কৰে।

বিজেপিয়ে কোৱাৰ দৰে সভ্যতাৰ অসম নহয়, কংগ্ৰেছে হিন্দু-মুছলমান, বিভিন্ন জাতি-জনগোষ্ঠীৰে সমৃদ্ধ এখন ভাতৃত্ববোধৰ অসম গঢ়ি তুলিম বুলি ভাষণত গগৈয়ে মত প্ৰকাশ কৰে। কংগ্ৰেছ দলে দিয়া পাঁচটা গেৰান্টি কাৰ্যকৰী কৰা হ'ব বুলি কৈ অসমত দেখা দিয়া ভয়াৱহ নিবনুৱা সমস্যা মহাজোঁটৰ চৰকাৰ গঠন হোৱাৰ পিছতে সমাধান কৰা হ'ব বুলি গগৈয়ে ৰাইজক প্ৰতিশ্ৰুতি দিয়ে।

গগৈৰ বিশাল নিৰ্বাচনী সভাত বিজেপি আৰু অগপৰ প্ৰায় শতাধিক কৰ্মী কংগ্ৰেছ দলত যোগদান কৰে।ইফালে মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামী কামপুৰৰ স্থানীয় প্ৰাৰ্থী হোৱাৰ পিছতো কংগ্ৰেছ প্ৰাৰ্থী সুৰেশ বৰাৰ প্ৰতি ৰাইজৰ অকুন্ঠ সঁহাৰিয়ে বিজেপি প্ৰাৰ্থী গৰাকীলৈ তীব্ৰ প্ৰত্যাহ্বান কঢিয়াই আনিব বুলি অনুমান কৰিব পাৰি।