বিহালী বিধানসভা সমষ্টিত চিপি আই (এম এল) দলৰ প্ৰাৰ্থী বিবেক দাসৰ মটৰচাইকেল সমদল…

বিহালী বিধানসভা সমষ্টিত চিপি আই (এম এল) দলৰ প্ৰাৰ্থী বিবেক দাসৰ মটৰচাইকেল সমদল…

author-image
asomiyapratidin
New Update
বিহালী বিধানসভা সমষ্টিত চিপি আই (এম এল) দলৰ প্ৰাৰ্থী বিবেক দাসৰ মটৰচাইকেল সমদল…

ডিজিটেল সংবাদ,বিহালী : সমাগত প্ৰথম পৰ্যায়ৰ বিধান সভা নিৰ্বাচনৰ নিৰ্বাচনী আয়োগে পৰা প্ৰাৰ্থী সকলৰ নিৰ্বাচনী প্ৰচাৰৰ অনুমতি প্ৰদান কৰিছে। সেই অনুসৰি ৭৭নং বিহালী বিধান সভা সমষ্টিত কংগ্ৰেছ নেতৃত্বাধীন মিত্রজোঁটৰ মোনোনীত চিপিআই এম-এল দলৰ প্ৰাৰ্থী বিবেক দাসে শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজৰীত গাংমৌথানৰ আশীশ লৈ মটৰচাইকেল সমদল কৰি নিৰ্বাচনৰ প্ৰচাৰ অভিযান শুভাৰম্ভ কৰে ।

তিনি সহস্ৰাধিক মটৰচাইকেলৰে গাংমৌথানৰ পৰা মধ্যবিহালী,নাচবৰ বৰঝাৰণিলৈকে গাওঁ,চাহ বাগিছা সামৰি সমদল কৰে। সমদলত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্ৰেড়লাল গঞ্জু আৰু ৰূপক শৰ্মা, প্ৰনৱ চৌধুৰীৰ লগতে কংগ্ৰেছ কৰ্মী সকলে সহযোগ কৰে ৷