/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/titabar.jpg)
ডিজিটেল সংবাদ বেকাজান : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে উজনি অসমৰ তিতাবৰ সমষ্টিত এতিয়া প্ৰাৰ্থীত্ব সংঘাত তুংগত উঠিছে । সেয়া লাগিলে শাসকীয় বিজেপিয়ে হওক বা কংগ্ৰেছৰেই হওক । উল্লেখযোগ্য যে কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তিতাবৰ সমষ্টিক দখল কৰিবলৈ বিজেপিৰ নেতা হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি ৰঞ্জিত কুমাৰ দাসে ব্যাপক ৰণনীতি প্ৰস্তুত কৰিছিল যদিও সম্প্ৰতি বিজেপিত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত আৰু চিপৰাং মৰা ৰাজনীতিৰ সমষ্টিটো পুনৰ কংগ্ৰেছৰ দখললৈ যোৱাৰ ইংগিত বহন কৰিছে ।
কিয়নো ১০০ নং তিতাবৰ সমষ্টিত এইবাৰ বিজেপিয়ে শিল্পী কৃষ্ণমণি চুতীয়াক প্ৰাৰ্থীত্ব প্ৰদান কৰাতো প্ৰায় চূড়ান্ত হোৱাৰ পিছতে আজি বিজেপি কৰ্মীৰ মাজত মুকলি বিদ্ৰোহী দেখিবলৈ পোৱা গৈছে । আজি দুপৰীয়া বিজেপি কৰ্মীয়ে কৃষ্ণমণি চুতীয়াৰ প্ৰাৰ্থীত্ব বিৰোধিতা কৰি শ শ বিজেপি কৰ্মীয়ে টায়াৰ জ্বলাই ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । লগতে তিতাবৰ বিজেপিৰ প্ৰায় ৫০০ কৰ্মীয়ে তিতাবৰত শিল্পী কৃষ্ণমণি চুতীয়া প্ৰাৰ্থীত্ব বিৰোধিতা কৰি অন্য দলত যোগদান কৰা হুংকাৰ দিছে । তিতাবৰ বিজেপি কৰ্মীসকলে অভিযোগ কৰাৰ মতে দলে এজন স্থানীয় প্ৰাৰ্থীকহে প্ৰাৰ্থীত্ব প্ৰদান কৰিব লাগে ।
কিয়নো কৃষ্ণমণি চুতীয়াৰ তিতাবৰ উন্নয়নত কোনো ভূমিকা নাই । তেওঁ তিতাবৰ পৰিচিত ব্যক্তি নহয় । আনহাতে বিজেপিৰ যোৰহাট জিলাৰ উপসভাপতি তথা ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী কুমুদচন্দ্ৰ কছাৰী অঞ্চলটোৰ এজন জনপ্ৰিয় ব্যক্তি তথা স্বায়ত্ত পৰিষদৰ জৰিয়তে ইতিমধ্যে তিতাবৰত বহু উন্নয়নমূলক কাম -কাৰ্য কৰি আহিছে । তদুপৰি তেওঁ বিগত সময়চোৱাত ব ২০ খন পঞ্চায়তত গাঁৱে গাঁৱে গৈ বিজেপিৰ সাংগঠনিক ভেঁটি গঢ়ি তুলিছে ।
গতিকে বিজেপিৰ এনে এজন শক্তিশালী নেতাক বঞ্চিত কৰি কেৱল দলৰ প্ৰভাৰী দায়িত্ব পালন কৰা শিল্পী কৃষ্ণমণি চুতীয়াক দলে প্ৰাৰ্থী দিলে কেৱল বিৰোধিতা কৰাই নহয় দল ত্যাগ কৰিব বুলি হুংকাৰ দিয়ে । ইফালে বিজেপি পৰা টিকটৰ দাবী কৰিছে প্ৰাক্তন বিধায়ক হেমন্ত কলিতায়ো । এক সুত্ৰই জানিবলৈ দিয়ামতে যদি দলৰ কৰ্মী দাবীক আওকাণ কৰি তিতাবৰত স্থানীয় প্ৰাৰ্থীক বঞ্চিত কৰি বিজেপিয়ে কৃষ্ণমণি চুতীয়াক প্ৰাৰ্থীত্ব প্ৰদান কৰে তেনেহলে নিৰ্দলীয় প্ৰতিদ্বন্দিতা কৰা সম্ভাবনা আছে । তিতাবৰত এতিয়া বিজেপি তিনিটা গোটত বিভক্ত হৈ পৰিছে ।
ইতিমধ্যে টিকট বঞ্চিত একাংশ নেতাই চিপৰাং ৰাজনৈতিক আৰম্ভ কৰি কংগ্ৰেছৰ প্ৰাৰ্থীক সমৰ্থন জনোৱাৰ কুচকাৱাজ চলাইছে । ইফালে কংগ্ৰেছতো প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাত বৃদ্ধি পাইছে । তিতাবৰ একাংশই চাহ জনগোষ্ঠীৰ লোক প্ৰাৰ্থীত্ব দাবী কৰিছে । বৰ্তমান তিতাবৰত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দিতা কৰিব বুলি চৰ্চা চলিছে যদিও প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দিতা নকৰে তেনেহলে বিসম্বাদ হোৱাটো খাটাং কিয়নো কংগ্ৰেছে প্ৰাণ কুৰ্মী , প্ৰাক্তন সাংসদ দীপ গগৈ আৰু প্ৰয়াত দেৱ বৰাৰ পত্নী বৰ্ণালী শইকীয়া বৰাৰ পৰিৰ্ৱেত বিশিষ্ট চাহ ব্যৱসায়ী ভাস্কৰ বৰুৱাক টিকট প্ৰদান কৰিব বুলি চৰ্চা চলিছে ।
কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মীক উপেক্ষা কৰি ভাস্কৰ বৰুৱাক প্ৰাৰ্থীত্ব দিয়াটো বিচৰা নাই কংগ্ৰেছ দলীয় নেতা কৰ্মীয়ে । অৱশ্যে বিজেপি টিকট বঞ্চিত প্ৰাৰ্থীয়ে ভাস্কৰ বৰুৱা সৈতে যোগাযোগ অব্যাহত ৰখা বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে বিগত বিশ বছৰ ধৰি কংগ্ৰেছৰ দখলত থকা তিতাবৰ সমষ্টিটোত এইবাৰ কাৰ দখললৈ যায় সেয়া বিজেপি আৰু কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ ওপৰত নিৰ্ভৰ কৰিব