/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/mur-mot-1.jpg)
কা আন্দোলনৰ সময়ত অংশ লোৱা আৰু নিজৰ স্থিতিত অটল থকা শিল্পী সকলৰ ভিতৰত মানস ৰবীন অন্যতম। তেওঁৰ যুক্তিপূৰ্ণ বক্তব্য কিয় লুৰীণ জ্যোতি গগৈক কিয় ভোট দিব লাগে । মানস ৰবীনৰ দৃষ্টিভংগীৰে আজিৰ "মোৰ মত '' ।
মানস ৰবীন
মই যদি দুলীয়াজানৰ ভোটাৰ হ'লোহেঁতেন, মোৰ ভোট নিশ্চিতভাৱে লুৰীণৰ পক্ষত থাকিলেহেঁতেন, কাৰণ এইবাৰ নিৰ্বাচনত লুৰীণজ্যোতি জিকাটো জাতীয় জীৱনৰ কাৰণে অত্যন্ত জৰুৰী।
১) কা- বিৰোধী অসমীয়াৰ জাতি-সংস্কৃতি ৰক্ষাৰ খিলঞ্জীয়া মানুহৰ আন্দোলনখনৰ অন্যতম নেতা, লুৰীণজ্যোতিৰ পৰাজয় মানেই এই গণ আন্দোলনখনৰ ন্যয্যতাক এচামে ৰাইজৰ আদালতত নস্যাৎ হোৱা বুলি প্ৰমাণ কৰিবলৈ উঠি-পৰি লাগিব। যেতিয়া আপোনাক কোনোবা অনা অসমীয়াই ইতিকিং ৰ সুৰত ক'ব-" কি হ'ল দাদা আপোনা লোকৰ হি'ৰ দেখোন হাৰি থাকিল " তেতিয়া আপোনাৰ লাজ নালাগিব নে!!
২) বিগত সময়ত দেখা গৈছে যে জাতীয় সংগঠনৰ নেতাসকলে সক্ৰিয় ৰাজনীতিলৈ আহি বিভিন্ন ৰাজনৈতিক দলৰ সদস্য পদ গ্ৰহণ কৰিয়ে ৰাষ্ট্ৰীয়তাবাদৰ হেঁচাত আঞ্চলিকতাবাদক বিসৰ্জন দিবলৈ বাধ্য হৈছে আৰু ওৰে জীৱন তেওঁলোকে আওৰাই থকা দাবী সমূহৰ সম্পর্কত ওলোটা ৰামায়ণ গাবলৈ আৰম্ভ কৰিছে । লুৰীণজ্যোতি গগৈয়ে ভৱিষ্যতে সক্ৰিয় ৰাজনীতিলৈ আহিব খোজা আঞ্চলিকতাবাদী ভাৱধাৰাৰ অসমপ্ৰেমী সকলৰ বাবে এক নতুন পথৰ সন্ধান দিছে। যি পথেৰে বাট বুলিলে কোনো দিনে আঞ্চলিকতাবাদক হয়তো বিসৰ্জন দিবলগীয়া নহ'ব । লুৰীণৰ এইয়া সাহসী পদক্ষেপ – আমি লুৰীণক সহযোগ কৰা উচিত। লুৰীণৰ জয় মানেই আঞ্চলিকতাবাদৰ সেই নতুন পথটিৰ শুভ আৰম্ভণি।
৩) লুৰীণজ্যোতি গগৈ পৰাজয়ে অসমীয়া জাতীয় জীৱনক যিমান ক্ষতি কৰিব তাৰ তুলনাত প্ৰতিপক্ষ দুয়োটা ৰাষ্ট্ৰীয় দলৰ প্ৰতিনিধি তেৰছ দা বা ধ্ৰুৱ দাৰ এইবাৰৰ জয়- পৰাজয় জাতীয় জীৱনৰ বাবে বৰ গুৰুত্বপূৰ্ণ নিশ্চয় নহয় ।
অৰাজনৈতিক মঞ্চ এৰি মই লুৰীণৰ হৈ প্ৰচাৰ চলাবলৈ যাব নোৱাৰিলেও মোৰ শুভেচ্ছা আৰু শুভকামনা লুৰীণৰ প্ৰতি সদায়ে থাকিব ।এতিয়া সিদ্ধান্ত দুলীয়াজান বাসীৰ হাতত ।