নাৰায়ণপুৰত সোমবাৰে নিশা ৰাইজৰ দলৰ সমৰ্থকক আক্ৰমণ দুৰ্বৃত্তৰ…

নাৰায়ণপুৰত সোমবাৰে নিশা ৰাইজৰ দলৰ সমৰ্থকক আক্ৰমণ দুৰ্বৃত্তৰ…

author-image
asomiyapratidin
New Update
নাৰায়ণপুৰত সোমবাৰে নিশা ৰাইজৰ দলৰ সমৰ্থকক আক্ৰমণ দুৰ্বৃত্তৰ…

  • নাৰায়ণপুৰত সোমবাৰে নিশা ৰাইজৰ দলৰ সমৰ্থকক আক্ৰমণ দুৰ্বৃত্তৰ ৷
  • ৰাইজৰ দলৰ বিহপুৰীয়া সমষ্টিৰ প্ৰাৰ্থী অনুপ শইকীয়াৰ এক নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰা দুজন সমৰ্থক গৈ থকা অৱস্থাত নাৰায়ণপুৰৰ তৰাজুলিৰ ন-পমুৱা গাঁৱত দুৰ্বৃত্তৰ আক্ৰমণ ৷
Advertisment

  • নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ঘৰলৈ আহি থকা অৱস্থাত ৰাইজৰ দলৰ তোষেশ্বৰ লেখাৰু আৰু দেৱেশ্বৰ লেখাৰু নামৰ দুজন সমৰ্থকক দূৰ্বত্তই কোৰেৰে প্ৰহাৰ কৰে ।
  • আক্ৰমণৰ ফলত গুৰুত্বৰভাবে আঘাত প্ৰাপ্ত দুয়োজনে ইতিমধ্যে নাৰায়ণপুৰ আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ তৰিছে ৷
  • সমষ্টিটোত দলটোৰ জনপ্ৰিয়তাত শংকিত হৈ এই আক্ৰমণ কৰিছে বুলি ৰাইজৰ দলৰ প্ৰাৰ্থী অনুপ শইকীয়াই অৱগত কৰাৰ লগতে ৰাজনীতিৰ নামত এনে গুণ্ডামী সহ্য কৰা নহ'ব বুলিও সকীয়াই দিয়ে৷