/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/batadrawa-6.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : ৮৪ নং বটদ্ৰৱা সমষ্টিত কংগ্ৰেছ মহাজোট বন্ধনৰ ভেটিত কপনি তোলা নিৰ্দলীয় প্ৰাৰ্থী মতিউৰ ৰহমানে দেওবাৰে বিয়লি কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী শিৱামণিয়ে নিৰ্বাচনী সভাত কোনোধৰণৰ হিয়েৰিং নকৰাকৈ সংখ্যালঘু লোকৰ নাগৰিকত্ব গ্ৰহন কৰি ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিছিলো বুলি কৰা নিৰ্বাচনী প্ৰচাৰৰ মন্তব্যক ৰাষ্ট্ৰদ্ৰোহৰ দৰে অপৰাধ আৰু এই অপৰাধৰ বাবেই নিৰ্বাচন আয়োগে শিৱামণিৰ প্ৰাৰ্থিত্ব নাকচ কৰি গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী জনালে।
শিৱামণিৰ মন্তব্যই সমষ্টিটোৰ লক্ষাধিক সংখ্যালঘু মুছলমানৰ মনত সংশয়ৰ ভাৱ জগাই তুলিছে। এই সকল সাধাৰণ লোকৰ জীৱনলৈ অনিশ্চয়তা কঢ়িয়াই আনিছে বুলি মতিউৰে কয়। শিৱামণিয়ে বটদ্ৰৱা সমষ্টিৰ সংখ্যালঘু লোকক অবৈধ বুলি ক'বলৈ গৈ নিজে কৃতিত্ব লোৱাটো ভোটৰ ৰাজনীতি বুলি অভিহিত কৰি মতিউৰে কয় যে শিৱামণিয়ে ইয়াৰ প্ৰতিফল ২৭ তাৰিখৰ ভোটগ্ৰহনৰ ফলাফলত পাব । কংগ্ৰেছ দলে ভাৰতৰ সংখ্যালঘু মুছলমানক লৈ খান্দি থকা একেটা গাততে বিজেপিয়েও ৰাজনীতি কৰা বুলি তেওঁ কয়।
মোৰ প্ৰতিদ্বন্দ্বিতা বিজেপিৰ আঙুৰলতা ডেকাৰ লগতহে হ'ব। মতিউৰেহে সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰিব পাৰিব। বটদ্ৰৱাত শিৱামণিয়ে সেইদিনাই পৰাজয় বৰন কৰিছিল যিদিনা মতিউৰে মনোনয়ন দাখিল কৰিছিল। বটদ্ৰৱা পুৰণি বাছ ষ্টেণ্ডত অনুষ্ঠিত মতিউৰ ৰহমানৰ সংবাদ মেলত ৱাইজুল হক, গুলজাৰ হুছেইনকে প্ৰমুখ্য কৰি কেইবাগৰাকী সংখ্যালঘু নেতা উপস্থিত থাকে।