নিৰ্বাচনৰ পূৰ্বে মৰিগাঁৱৰ অজাপত মোক্ষম আঘাত,চিপিআইত যোগদান ৬৯ জনৰ…

নিৰ্বাচনৰ পূৰ্বে মৰিগাঁৱৰ অজাপত মোক্ষম আঘাত,চিপিআইত যোগদান ৬৯ জনৰ…

author-image
asomiyapratidin
New Update
বৃহস্পতিবাৰে মুকলি কৰা হ’ব অসম জাতীয় পৰিষদৰ ইস্তাহাৰ…

ডিজিটেল সংবাদ, মৰিগাওঁ : নিৰ্বাচনৰ পূৰ্বে আকৰ্ষনীয় হৈ পৰিছে মৰিগাঁৱৰ ৰাজনীতি ৷ নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদক মোক্ষম আঘাত হানি ৬৯ জন নেতা কৰ্মীয়ে যোগদান কৰে চিপিআই দলত ৷

Advertisment

বৃহস্পতিবাৰে মৰিগাঁও জিলা চিপিআই দলৰ মূখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন ৰাজনৈতিক সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পূৰ্বৰ চিপিআই দলৰে কৰ্মী আৰু বৰ্তমানৰ অসম জাতীয় পৰিষদৰ ৬৯ জন নেতা কৰ্মীয়ে আজি পুনৰ চিপিআই দলত যোগদান কৰে ৷