/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/mangaldoi-congress.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : সমাগত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ আৰু কেইটামান দিন বাকী ৷ ২য় পয্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ এতিয়া তুংগত উঠিছে ৷ মঙলদৈ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী বসন্ত দাসৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে শুক্ৰবাৰে আবেলি মঙলদৈ বিধানসভা সমষ্টিৰ অন্তগৰ্ত ধৌৱাপাৰাত উপস্থিত হয় কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈ৷
প্ৰচাৰ সভাখনত উপস্থিত হৈ সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে কয় তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থাকোতে অসমত শান্তিয়ে বিৰাজ কৰিছিল ঠিক তেনেকৈ অসমত কংগ্ৰেছ চৰকাৰ শাসনত আহিলে সেই শান্তি আকৌ ঘূৰি আহিব আৰু অনাগত দিনত সেই শান্তি অতুত ৰাখি যাব৷ এতিয়া চাৰিও ফালে মুল্যবৃদ্ধি৷ যাৰবাবে আম্বানি আজি ধনী হৈ গৈ আছে৷ আজি চাকৰি পাবলৈ হলে এক লাখ টকা ঘোচ দিব লাগে৷ তাৰ উৎকৃষ্ট উদাহৰণ এচ আই কেলেংকাৰী ৷
আমি হাতৰ পাচটা আঙুলিৰে গেৰাণ্টি লৈ আহিছো৷ প্ৰথম পদক্ষেপ হিচাপে ৫ লাখ লোকক চাকৰি প্ৰদান কৰিম৷ আমাৰ কাম কৰাৰ মন আছে, কাম কৰাৰ অভ্যাস আছে গতিকে আমি কেন্দ্ৰত বিজেপিৰ চৰকাৰ থাকিলেও অসমৰ কংগ্ৰেছ মহাজোট বন্ধনৰ চৰকাৰে সেয়া কৰিব পাৰিম ৷ আমি মাহে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত দুই হাজাৰকৈ ভৰাই দিম৷ প্ৰতি মাহে ২ ইউনিট লাইনৰ পইচা বিনামূলীয়া কৰি দিম৷ জাতীয় নায়কজনে কাক বিশ্বাস ঘাটকতা কৰা নাই এন আৰ চিৰ নামত বিশ্বাস ঘাটকতা কৰিছে, অসম বাসীৰ ওপৰত "কা" জাপি দি বিশ্বাস ঘাটকতা কৰিলে৷ মহাজোট বন্ধন আজি গঠন "কা" আন্দোলনৰ সময়তে মহাজোট বন্ধন গঠন হৈছিল আৰু যাৰ বাবে আমি "কা" আন্দোলনৰ লগত জড়িত এগৰাকী নিৰ্ভীক সাংবাদিকক ৰাজ্য সভাৰ সাংসদ কৰি পঠাইছো৷
যদিও ৰাইজৰ দ'ল মহাজোটৰ লগত চামিল নহয় তথাপিও কওঁ মহাজোটৰ চৰকাৰ হলে মানবীয়তাৰ খাতিৰত আমি অখিল গগৈ ডাঙৰীয়াক মুকলি কৰি দিম৷ কংগ্ৰেছৰ চৰকাৰ হলে ভাষা আন্দোলনৰ শ্বহীদ মোজামিল হ'কৰ নামত বছৰি বটাঁ প্ৰদান কৰি যাম৷ বিজেপিয়ে ধৰ্মৰ নামত ৰাজনীতি কৰিছে কিন্তু গৰুৰ চিণ্ডিকেট চলাই গৈ আছে৷
কংগ্ৰেছ দলৰ চৰকাৰ হলে কোনো ধৰনৰ চিণ্ডিকেট অসমত নাথাকিব বুলিও মন্তব্য কৰে৷ নিৰ্বাচনী সভাখনত প্ৰাৰ্থী বসন্ত দাসৰ লগতে ৰাজস্থানৰ মন্ত্ৰী টিকাৰাম জোলী, ৰাজস্থানৰ মেয়ৰ অজয় আগৰৱাল, জিলা কংগ্ৰেছৰ সভাপতি কামেনী ডেকা, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কন্দৰ্প কলিতা, পিংকুমনি দাস, মঙলদৈ টাউন মণ্ডল কংগ্ৰেছ কমিটীৰ ৰাকেশ বৰুৱা ৰ লগতে কংগ্ৰেছৰ নেতা কৰ্মী সকল৷