মঙলদৈত কংগ্ৰেছ এৰি বিজেপি, বিজেপি এৰি কংগ্ৰেছত যোগদান…

মঙলদৈত কংগ্ৰেছ এৰি বিজেপি, বিজেপি এৰি কংগ্ৰেছত যোগদান…

author-image
asomiyapratidin
New Update
মঙলদৈত কংগ্ৰেছ এৰি বিজেপি, বিজেপি এৰি কংগ্ৰেছত যোগদান…

ডিজিটেল সংবাদ,মঙলদৈ : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নিৰ্বাচন অনুষ্ঠিত হ'ব লগা মঙলদৈ বিধান সভা সমষ্টিৰ নিৰ্বাচনলৈ আৰু কেইটামান দিন বাকী থকা সময়তে মঙলদৈ সমষ্টিৰ পূৱ মঙলদৈৰ ধুলা অঞ্চলত দেওবাৰে কিছু কংগ্ৰেছ কৰ্মী বিজেপিত যোগদান কৰাৰ সমান্তৰাল ভাৱে সোমবাৰে খাতনীয়া পাৰা,বৰবাগান আদি অঞ্চলৰ পৰা শতাধিক বিজেপিৰ দলীয় কৰ্মী আৰু বুথ সভাপতিয়ে আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দলত যোগদান কৰে ।

Advertisment

খাতনীয়াপাৰা গাওঁ পঞ্চায়তৰ সভাপতি তথা কংগ্রেছ নেত্রী অনিতা ৰাজবংশীৰ নেতৃত্বত ডাকচকীত অনুষ্ঠিত যোগদান কাৰ্যসূচীত মঙলদৈ সমষ্টিৰ কংগ্রেছ দল তথা মহাজোঁটৰ প্রাৰ্থী বসন্ত দাস,কংগ্রেছ নেতা চন্দ্রন বৰুৱা,সমাজসেৱক ৰামেশ্বৰ কলিতা আদি উপস্থিত থাকে। যোগদান অনুষ্ঠানত মনি ডেকা,মানৱ ডেকা,খিতেশ্বৰ ডেকা,নৱ তামূলী,নুৰ আলম আৰু আব্দুল ৰহমনকে ধৰি বিভিন্ন বুধ সমিতিৰ সভাপতি সম্পাদকৰ লগতে শতাধিক বিজেপিৰ কৰ্মীয়ে কংগ্রেছত যোগদান কৰে।

এই যোগদান কাৰ্যসূচীত অংশগ্রহন কৰি প্রাক্তন মন্ত্রী তথা কংগ্রেছ প্রাৰ্থী বসন্ত দাসে ভাষন প্রসংগত বিজেপি চৰকাৰৰ কাম কাজৰ তীব্র সমালোচনা কৰে। ধৰ্মৰ নামত ৰাজনীতি কৰি আমাৰ সমাজখন থানবান কৰিব বিচাৰিছে বুলি তাতপৰ্যপূৰ্ণ মন্তব্য কৰি ইতিমধ্যে বহু বিজেপি কৰ্মী নেতাই কংগ্ৰেছত যোগদান কৰিবলৈ যোগাযোগ কৰি আছে আৰু তৎকালে এয়া ৰাজহুৱা হব বুলি কয়।সভাত ৰাইজক পৰিবৰ্তনৰ স্বাৰ্থত কংগ্রেছক ভোট দিবলৈ প্ৰাৰ্থী বসন্ত দাসে আহ্বান জনায় ।