/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/gurujyoti-mangaldoi.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : শাৰি পাতি মঙলদৈ বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী গুৰুজ্যোতি দাসে ভোট দান কৰিলে। গুৰুজ্যোতিয়ে ভোট দান কৰিলে আৰেং বালিকা প্ৰাথমিক বিদ্যালয়ত। ভোটদান কৰি বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাসে কয় বিপুল ভোটত মঙলদৈৰ সন্মানিত ভোটাৰ সকলে মোক বিজয়ী কৰিব।
এইবাৰ নিৰ্বাচনত পূৱ মঙলদৈ অঞ্চলত বিশেষকৈ বিজেপি দলে বহু সংখ্যক ভোট লাভ কৰিব।
২০১৬ নিৰ্বাচনত গুৰুজ্যোতি দাসে ২৩০০০তকৈ অধিক ভোটত জয় লাভ কৰিছিল,এই বাৰ বহু বেছি ভোট হ'ব বুলি বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাসে কয়। ইতিমধ্যে দিনৰ এক বজালৈকে দলগাও সমষ্টিত ৪৭.২০% , মঙলদৈ সমষ্টিত ৪৬.১০%, কলাইগাও সমষ্টিত ৪৫.৩০%, আৰু ছিপাঝাৰ সমষ্টিত ৪৬.৬০% ভোট দান হোৱা বুলি জিলা প্ৰশাসনে জনাইছে।