মাজুলীত নিৰ্দলীয় প্ৰাৰ্থী প্ৰাক্তন মন্ত্রী পদ্মেশ্বৰ দলেই মনোনয়ন উঠাই লৈ বিজেপিত কৰিলে যোগদান…

মাজুলীত নিৰ্দলীয় প্ৰাৰ্থী প্ৰাক্তন মন্ত্রী পদ্মেশ্বৰ দলেই মনোনয়ন উঠাই লৈ বিজেপিত কৰিলে যোগদান…

author-image
asomiyapratidin
New Update
মাজুলীত নিৰ্দলীয় প্ৰাৰ্থী প্ৰাক্তন মন্ত্রী পদ্মেশ্বৰ দলেই মনোনয়ন উঠাই লৈ বিজেপিত কৰিলে যোগদান…

ডিজিটেল সংবাদ,মাজুলীঃ মাজুলীত এতিয়া নিৰ্বাচনৰ গৰম বতাহে শাষকীয় দল বিজেপি , কংগ্ৰেছক বাৰুকৈয়ে প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ বিজেপিয়ে যোৱা পাঁচ বছৰত কৰা কাম সমুহ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি , জন হিতৈষী আচনি সমুহৰ কথা কৈ নিজৰ স্থিতি সবল কৰি দলীয় সৰ্মথন আদায় কৰাৰ চেষ্টা অব্যাহত ৰাখি চলাইছে জন সম্পৰ্ক অভিযান ৷

Advertisment

আনফালে কংগ্ৰেছ দলে বিজেপি চৰকাৰে যোৱা পাঁচটা বছৰত কৰিব নোৱাৰা কাম সমুহৰ কথা কৈ বোকা ছতিওৱাৰ ৰাজনীতিৰে জনসাধাৰণৰ মন পৰিৰ্ৱতন কৰাৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে মাজুলীত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ঠিয় দিয়া প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলেই আজি নিৰ্বাচনী মনোনয়ন পত্ৰ পত্যাহাৰ কৰি বিজেপিত যোগদান কৰা কাৰ্যই কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ পাৰ্থীক চিন্তিত কৰি তুলিছে ৷

অগপ চৰকাৰৰ কাৰ্য্য কালত কাৰাগাৰ আৰু কৃষি মন্ত্রী হিচাপেে থকা দলে মুখ্যমন্ত্রীৰ উন্নয়নৰ ধাৰাৰ প্ৰতি সমৰ্থন জনাই বিজেপিত যোগদান কৰা বুলি আমাক জানিবলৈ দিয়ে ৷ ইফালে বিজেপিৰ পৰা পদত্যাগ কৰি এজেপি দলত যোগ দান কৰি নিৰ্বাচনাৰ টিকত বিচাৰিছিল জাতীয় পৰিষদৰ টিকট নাপাই নিৰ্দলীয় কৈ মনোনয়ন পত্র প্ৰদান কৰা দলে কি ৰহস্যত বিজেপিত যোগ দিলে বুলিও বিভিন্ন জনে প্ৰশ্ন তুলিছে ৷

আজি আনুষ্ঠানিক ভাবে মিত্র জোটৰ নিৰ্বাচনী কাৰ্যালয়ত বিজেপি ত যোগদান কৰা দলেক সাংবাদিকেে সুধা প্ৰশ্নৰ উত্তৰত হঠাৎ উত্তেজিত হৈ পৰি পদ্মেশ্বৰ দলে কয় অসম জাতীয় পৰিষদে মোক অপমান কৰিলে ৷ মোক টিকট দিম বুলি মাতি নি টিকট নিদিলে। ধনৰ লেনদেনৰ বিনিময়ত অসম গন পৰিষদৰ দিনত মোক টিকতৰ পৰা বঞ্চিত কৰিছিল আৰু এতিয়া অসম জাতীয় পৰিষদে একেই কাম কৰিলে যিটো সচাকৈয়ে লজ্জা জনক বুলি কয় প্ৰাক্তন মন্ত্ৰী জনে । লগতে অসমত জাতীয় পৰিষদ আৰু ৰাইজৰ দলে কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে।

উল্লেখযোগ্য যে দলে প্ৰতি তো নিৰ্বাচনতে এনেদৰে মনোনয়ন পত্ৰ প্ৰদান আৰু প্ৰত্যাহাৰ ৰ নাটক কৰি আহিছে। ইয়াৰ অন্তৰালৰ ৰহস্য কি বুলিও সচেতন ৰাইজে প্ৰশ্ন তুলাৰ লগতে ধনৰ লেন দেন হোৱা বুলি অভিযোগ কৰাৰ উপৰিও দলেৰ এনে কান্ধুলী মাচৰ দৰে লুটি বাগৰ মৰা স্বৰূপ বুজিবলৈ বাকী নাই বুলি বিজ্ঞ সকলে মত প্ৰকাশ কৰিছে। পদ্মেশ্বৰ দলেৰ এই স্থিতিক লৈ এতিয়া সন্দেহ প্ৰকাশ কৰিছে মাজুলী বাসীয়ে ৷

একালৰ মাজুলীৰ গন ভিত্তি খকা এগৰাকী ব্যক্তি আছিল যদিও পদ্মেশ্বৰ দলেৰ কৰ্মকাণ্ড ই গনবিচিন্ন কৰিছে। ২০১৬ চনত বিজেপিৰ হৈ প্ৰচাৰ চলাই থকা দলে হঠাৎ অসম জাতীয় পৰিষদত যোগদান কৰিছিল। ইয়াৰ পাছত জাতীয় পৰিষদে টিকত নিদিয়াত এইখন নাটক মঞ্চস্থ কৰে। আজি মাজুলী গড়মূৰ স্থিত বিজেপি কাৰ্যালয়ত উপস্থিত হৈ গেৰুৱা বসন পিন্ধে। জেষ্ঠ কাৰ্যকৰ্তা ভূবন গাম, মুখ্যমন্ত্ৰী ৰ বিশেষ কৰ্তব্যৰত বিষয়া প্ৰকাশ কাশ্যপ, আদি কেইবাগৰাকিও নেতা উপস্থিত থাকে।