/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/lurin.jpg)
ডিজিটেল ডেস্ক : ৩ এপ্ৰিল শনিবাৰে অসম জাতীয় পৰিষদৰ সভাপতি শ্ৰী লুৰীণজ্যোতি গগৈয়ে গুৱাহাটী মহানগৰীত এলানি নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত ভাগ লব৷
কাৰ্যসূচীসমূহ এনে ধৰণৰ:
▪️পুৱা ১০ বজাত নুনমাটি বাছ ষ্টেণ্ডৰ পৰা পদযাত্ৰা৷
▪️ দিনৰ ১১ বজাত চান্দমাৰী ফিল্ডৰ পৰা কাৰ ৰেলি৷
▪️ দিনৰ ১২ বজাত গাড়ীগাঁওত নিৰ্বাচনী সভা৷
উক্ত কাৰ্যসূচীসমূহত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক শ্ৰী জগদীশ ভূঞা সহ শীৰ্ষ নেতাসকলৰ লগতে দলৰ পূব গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী শ্ৰী অদীপ ফুকন, দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰিন্স ফাইজুল হক আৰু আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী ৰুনা লাইলায়ো অংশ গ্ৰহণ কৰিব৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us