/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/lamding.jpg)
ডিজিটেল সংবাদ,লামডিঙ : লামডিং সমষ্টিৰ বিধায়ক তথা বিজেপী মিত্ৰজোটৰ প্ৰাৰ্থী শিবু মিশ্ৰই ভোট দান কৰে ৷ লামডিং প্ৰনৱ বিদ্যাপিঠ বিদ্যালয়ৰ ২৩ নম্বৰ ভোটকেন্দ্ৰত পত্নী জীয়ৰী সহ ভোট প্ৰদান কৰিলে শিবু মিশ্ৰই ৷ তেওঁ আশাবাদী আৰু নিশ্চিত যে এইবাৰ নিৰ্বাচনত বিজেপীৰে জয় লাভ হ'ব৷ পুৱাৰ পৰা ৰাইজৰ দীঘলীয়া শাৰী আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে পুনৰ বিজেপী চৰকাৰ গঠন কৰিব৷
ইফালে লামডিং সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী স্বপন কৰৰ ভোট দান ৷ লামডিঙ হৰুলংফাৰ মধ্য ইংৰাজী বিদ্যালয়ত ভোট প্ৰদান কৰে ৷ এইবাৰ লামডিঙ সমষ্টিত কংগ্ৰেছৰ জয় হোৱাটো একেবাৰে নিশ্চিত বুলি মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে ৷