মঙলদৈৰ প্ৰায় সংখ্যক ভোটদান কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী…

মঙলদৈৰ প্ৰায় সংখ্যক ভোটদান কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী…

author-image
asomiyapratidin
New Update
মঙলদৈৰ প্ৰায় সংখ্যক ভোটদান কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী…

ডিজিটেল সংবাদ,মঙলদৈ : বৃহস্পতি বাৰে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনৰ মঙলদৈ নিৰ্বাচনী জিলাত ভোটগ্ৰহণৰ ইতিমধ্যে ৰাতিপুৱা সাত বজাৰ পৰা আৰম্ভ হৈছে । দলগাও সমষ্টিত ২,৪০,৬৮৪ জন ভোটাৰৰ বিপৰীতে ৩৪৪টা ভোট গ্ৰহণ কেন্দ্ৰ,মঙলদৈ সমষ্টিত ২,৩৬,৯৮৫ জন ভোটাৰৰ বিপৰীতে ৩৩৫ টা ভোট গ্ৰহণ কেন্দ্ৰ ,কলাইগাঁৱ সমষ্টিত ১,৮০,৫০৭জন ভোটাৰৰ বিপৰীতে ২৬৪টা ভোট গ্ৰহণ কেন্দ্ৰ, আৰু ছিপাঝাৰ সমষ্টিত ১,৭৭,৭৮২ জন ভোটাৰৰ বিপৰীতে ২৫৮ টা ভোট গ্ৰহণ কেন্দ্ৰত মুঠ ৪২৬৯৩৩ জন পুৰুষ, ৪১২০০৯জন মহিলা আৰু ১৭গৰাকী তৃতীয় লিঙ্গৰ ভোটাৰে জিলাখনত মুঠ ৩২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ।

Advertisment

উল্লেখযোগ্য যে জিলাখনত সুকলমে আৰু শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া পৰিচালনা কৰাৰ বাবে ৫৭৬৮ গৰাকী বিষয়া- কৰ্মচাৰী নিয়োগ কৰা হৈছে। তদুপৰি জিলাখনৰ পঞ্চাশটা ভোটগ্ৰহণ কেন্দ্ৰ এইবাৰ কেৱল মহিলা বিষয়া – কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত কৰি ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে ।

ইপিনে ক'ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ সকলো ভোটগ্ৰহণ কেন্দ্ৰতেই ক'ভিড-১৯ প্ৰট'কলৰ নিয়ম সমুহ মানি চলাৰ লগতে প্ৰয়োজনীয় যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। সকলো ভোটাৰকে ভোটদান কৰিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে ।

ৰাতিপুৱাৰে পৰা বতৰ ফৰকাল হোৱাৰ পৰিলক্ষিত প্ৰায় সংখ্যক ভোটগ্ৰহণ কেন্দ্ৰতে ভোটাৰৰ দীঘলীয়া শাৰি দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে ৰাতিপুৱা ন বজালৈকে দলগাও সমষ্টিত ১০.২০% , মঙলদৈ সমষ্টিত ৯.৭%, কলাইগাও সমষ্টিত ৮%, আৰু ছিপাঝাৰ সমষ্টিত ৮.৫০% ভোট দান হোৱা বুলি জিলা প্ৰশাসনে জনাইছে।