LIVE UPDATES : ৫ বজালৈ ৭২ শতাংশ ভোটদান…

LIVE UPDATES : ৫ বজালৈ ৭২ শতাংশ ভোটদান…

author-image
asomiyapratidin
New Update
LIVE UPDATES : ৫ বজালৈ ৭২ শতাংশ ভোটদান…

আবেলি ৫.০১ বজাত : অসম বিধানসভা নিৰ্বাচন ২০২১ঃ আৱেলি ৫ বজালৈকে প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিত সম্পন্ন হৈছে ৭২ শতাংশ ভোটদান।

Advertisment

আবেলি ৪.০১ বজাত : আবেলি ৪ বজালৈ প্ৰথম পৰ্যায়ৰ ৪৭ টা সমষ্টিত ৬৯.১৫ শতাংশ ভোটদান সম্পন্ন হয় ।

দুপৰীয়া ২.৩০ বজাত : ২.৩০ বজালৈ ৬০. ৫৫ শতাংশ ভোটদান সম্পন্ন হয় । ইফালে কৰ্তব্যৰত এগৰাকী নিৰ্বাচনী বিষয়াৰ মৃত্যু হয় সোনাৰি সমষ্টিত । হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু প'লিং বিষয়া গৰাকীৰ ।বিষয়া গৰাকীৰ নাম তুলসী খনিকৰ ।

দুপৰীয়া ১.১২ বজাত : ১ বজালৈ ৩৯. ৩৫ শতাংশ ভোটদান সম্পন্ন । চামগুৰিত কংগ্রেছ আৰু বিজেপি সমৰ্থকৰ মাজত সংঘাত ।ভোটকেন্দ্রত কংগ্রেছ কৰ্মীৰ দ্বাৰা ৰিগিঙৰ অভিযোগ বিজেপিৰ ।চামগুৰিৰ পেনাইৰ ৫৮নং ভোটগ্রহণ কেন্দ্রত এই ঘটনা ।সংঘৰ্ষত আহত আব্দুল আহমেদ নামৰ এজন বিজেপি কৰ্মী ।সংকটজনক অৱস্থাত বিজেপি কৰ্মীজনক চিকিৎসালয়ত ভৰ্তি কৰা হয় । চামগুৰিত নিৰ্বাচনী বিষয়াৰ বাহনত আক্রমণ ।বাজিয়াগাঁৱস্থিত আন এক ভোটগ্রহণ কেন্দ্রত উত্তেজনা ।দুৰ্বৃত্তই ভাঙিলে নিৰ্বাচনী বিষয়াৰ বাহন ।ঘটনাস্থলীৰ পৰা পলায়ন কৰে বিষয়াগৰাকীয়ে ।

দুপৰীয়া ১২.৩০ বজাত : ভোটগ্ৰহনৰ ৫ ঘন্টাত ৩৩.৭৫ শতাংশ ভোটদান । ইফালে বিহপুৰীয়া সমষ্টিৰ ১৩৮ নং কচুৱা মাজগাওঁ ভোটগ্ৰহণ কেন্দ্ৰত অঘটন৷ উচ্চ ৰক্তচাপত আক্ৰান্ত প্ৰিজাইডিং অফিচাৰ তৰুণ চন্দ্ৰ সৰকাৰ৷ ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বিষয়া গৰাকীক৷

ৰাতিপুৱা ১১.১২ বজাত : প্রথম ৪ ঘন্টাত ২৮.৭৫ শতাংশ ভোটদান । খুমটাইত বিজেপি প্ৰাৰ্থী মৃনাল শইকীয়াৰ ভোটদান ।

ৰাতিপুৱা ১০.০৪ বজাত : প্ৰথম আঢ়ৈ ঘন্টাত ২৩.১৫ শতাংশ ভোটদান ।

ৰাতিপুৱা ১০ বজাত : লক্ষীমপুৰত নিৰ্বাচনী বিষয়াক অভিযোগ অগপ প্ৰাৰ্থী উৎপল দত্তৰ । গণ শক্তি আৰু বিজেপিৰ সমৰ্থকে দত্তৰ সমৰ্থক বাধা প্ৰদানৰ অভিযোগ । সমষ্টিত আছিল অগপ -বিজেপিৰ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা ।

ৰাতিপুৱা ৯.৩০ বজাত : বিহপুৰীয়া সমষ্টিৰ ভোলাবৰি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰতিবাদ। কাৰ বিৰুদ্ধে প্ৰতিবাদ সব্যস্ত কৰিলে আহোম যুৱ পৰিষদৰ লক্ষীপুৰ জিলাৰ সভাপতি ঘনকান্ত গোঁহাইয়ে।

ৰাতিপুৱা ৯ বজাত : কেইবাগৰাকীও প্ৰাৰ্থীয়ে পুৱাই কৰিলেহি ভোটদান । গহপুৰত ৰিপুন বৰাৰ ভোটদান । বিহপুৰীয়া পত্নী সহ আহি ভোটদান সব্যস্ত ভূপেন বৰাৰ । নাজিৰাত দেবব্ৰত শইকীয়াৰ ভোটদান । টীয়কত ভোটদান কৰি ৰাইজক ভোট দিবলৈ আহ্বান ৰেনুপমা ৰাজখোৱাৰ ।

ৰাতিপুৱা ৮.৩০ বজাত : কেইবাটাও ভোটগ্ৰহন কেন্দ্ৰত ইভিএমৰ বিজুতিৰ বাবে ভোটগ্ৰহনত বিলম্ব।

ৰাতিপুৱা ৮ বজাত : প্ৰথম ঘন্টাৰ ভোটগ্ৰহন শান্তি পূৰ্ণ ভাবে সমাপ্ত । ফৰকাল বতৰৰ বাবে যথেষ্ট সংখ্যক ভোটাৰ ওলাই আহিছে ভোটদান কৰিবলৈ । ভোটদান কেন্দ্ৰ সমূহত ভোটাৰৰ দীঘল শাৰী ।

ৰাতিপুৱা ৭. ২০ বজাত : প্ৰতিদ্বন্দ্বিতা কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা – ২৬৪ গৰাকী ।

পুৰুষ প্ৰাৰ্থীৰ সংখ্যা – ২৪১ গৰাকী ।

মহিলা প্ৰাৰ্থীৰ সংখ্যা -২৩ গৰাকী

প্ৰথম পৰ্যায়ত মুঠ ভোটদান কৰিব লগীয়া ভোটাৰৰ সংখ্যা -৮১,০৯,৮১৫ গৰাকী ।

ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা – ৪০,৭৭,২১০ গৰাকী ।

মহিলা ভোটাৰৰ সংখ্যা – ৪০,৩২,৪৮১ গৰাকী ।

তৃতীয় লিংগ ভোটাৰৰ সংখ্যা – ১২৪ গৰাকী ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৰ্বাধিক ভোটাৰ থকা সমষ্টি – জোনাই

জোনাইত মুঠ ভোটাৰৰ সংখ্যা – ৩,১১,৬৬০ গৰাকী

সৰ্বনিম্ন ভোটাৰ থকা সমষ্টি – থাওৰা

থাওৰা সমষ্টিত ভোটাৰৰ সংখ্যা -১,১৫,৩৬৪ গৰাকী

প্ৰথম পৰ্যায়ত মুঠ ভোটগ্ৰহন কেন্দ্ৰ – ১১,৫৩৭ টা

ৰাতিপুৱা ৭ বজাত : পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহন । ৪৭ টা সমষ্টিত ২৬৪ গৰাকী প্ৰাৰ্থীৰ নিৰ্নয় হ'ব ভাগ্য । ভোটগ্ৰহন অনুষ্ঠিত হোৱা ৪৭ টা সমষ্টি হ'ল – মাজুলী, গহপুৰ, বোকাখাত, সৰুপথাৰ, তিতাবৰ, মৰিয়নী, সোণাৰি, মৰাণ, তিনিচুকীয়া, ডিগবৈ, ঢকুৱাখানা, চামগুৰি, কলিয়াবৰ, নাওবৈছা, ধেমাজি, দেৰগাওঁ, টীয়ক, মাহমৰা, থাওৰা, বিহপুৰীয়া, মাৰ্ঘেৰিটা, লাহোৱাল, দুলীয়াজান, টিংখং, ডুমডুমা, শদিয়া, চাবুৱা, ঢেকীয়াজুলি, চতিয়া, বিশ্বনাখ, খুমটাই, নাজিৰা, বৰচলা, তেজপুৰ, ৰঙাপাৰা, বিহালী, ধিং, বটদ্ৰৱা, ৰূপহাহাট, কলিয়াবৰ, যোৰহাট, আমগুৰি, শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, জোনাই