নিৰ্বাচন আয়োগক ভোট গণনা প্ৰক্ৰিয়া কেমেৰাত বন্দী কৰিবলৈ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ…

নিৰ্বাচন আয়োগক ভোট গণনা প্ৰক্ৰিয়া কেমেৰাত বন্দী কৰিবলৈ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ…

ডিজিটেল ডেস্কঃ ২ মে' অনুষ্ঠিত হ'বলগীয়া অসম বিধান সভা নিৰ্বাচনৰ ভোটগননাৰ সন্দৰ্ভত আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাই দেওবাৰে নিৰ্বাচন আয়োগলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনৰ জৰিয়তে ২০২০ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়াত হোৱা কিছু আশংকাৰ কথাও ব্যক্ত কৰে।

সাংসদ ভূঞাই পত্ৰখনৰ জৰিয়তে মুখ্য নিৰ্বাচনী আয়ুক্তক সকলো প্ৰয়োজনীয় আৰু সম্ভাব্য পদক্ষেপ গ্ৰহণ কৰি ভোট গণনা প্ৰক্ৰিয়া নিৰপেক্ষ আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে। ভোট গণনা প্ৰক্ৰিয়াক আংশকামুক্ত কৰিবলৈ তথা গোপনীয়তা ৰক্ষা নকৰিবলৈ সাংসদ গৰাকীয়ে সমগ্ৰ গণনা প্ৰক্ৰিয়া ভিডিঅ' ৰেকৰ্ডিং কৰাৰ বাবে মুখ্য নিৰ্বাচনী আয়ুক্তক আহ্বান জনাইছে।

লগতে বিহাৰ নিৰ্বাচনৰ ভোটগণনাৰ দৰে যাতে অসম বিধান সভা নিৰ্বাচনৰ ভোটগননাৰ সময়তো কেতবোৰ প্ৰশ্নৰ সন্মূখীন হ'বলগীয়া নহয় তাৰ বাবে উপযুক্ত পদ্ধতি অৱলম্বন কৰি আৰু নিৰপেক্ষভাৱে ভোট গননা প্ৰক্ৰিয়া পৰিচালনা কৰিবলৈ পত্ৰখনৰ জৰিয়তে মুখ্য নিৰ্বাচনী আয়ুক্তক আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in