নিৰ্বাচনৰ পূৰ্বে কোকৰাঝাৰ আৰক্ষীৰ সজাগতামূলক পথযাত্ৰা…

নিৰ্বাচনৰ পূৰ্বে কোকৰাঝাৰ আৰক্ষীৰ সজাগতামূলক পথযাত্ৰা…

author-image
asomiyapratidin
New Update
নিৰ্বাচনৰ পূৰ্বে কোকৰাঝাৰ আৰক্ষীৰ সজাগতামূলক পথযাত্ৰা…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ নিৰ্বাচনৰ পূৰ্বে কোকৰাঝাৰ সদৰ চহৰত আজি বিটিআৰৰ আইজিপি ড° এল আৰ বিষ্ণইৰ নেৰ্তৃত্বক কোকৰাঝাৰ আৰক্ষীয়ে সজাগতামুলক পদযাত্ৰা কৰে । বিটিআৰৰ আইজিপি ড° এল আৰ বিষ্ণই , কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশান , অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজী ৰাণী শৰ্মা , উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথ আদিকে ধৰি জিলাখনৰ বিভিন্ন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে সজাগতামুলক পথযাত্ৰাত অংশগ্ৰহণ কৰি পথে পথে ভোটাৰ ৰাইজৰ সুবিধা-অসুবিধাৰ বুজ লয় ।

Advertisment

ভোটাৰ ৰাইজক নিৰ্ভয়ে ভোটাদান কৰিবলৈ আহ্বান জনাই যিকোনো অসুবিধাৰ সন্মুখীন হলে আৰক্ষীক অৱগত কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে বিটিআৰৰ আইজিপি ড° এল আৰ বিষ্ণইৱে । আনহাতে সাংবাদিকৰ সতে হোৱা এক বাৰ্তালাভত বিটিআৰ এলেকাৰ ৯৬ শতাংশ পলিং ষ্টেচন গাঁৱ অঞ্চলত অৱস্থিত ।

বিটিআৰত প্ৰায় ৩৫০০ পলিং ষ্টেচন আছে আৰু ইয়াৰে প্ৰায় ৫০০ টা পলিং ষ্টেচন সংবেদনশীল বুলি মন্তব্য কৰি বিটিআৰৰ আইজিপি ড° এল আৰ বিষ্ণইৱে নিৰ্বাচনকালিন সময়ছোৱাত কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হবলৈ দিয়া নহব বুলি মন্তব্য কৰিছে ।

তদুপৰি বৰ্তমানলৈকে ৯০ লাখ নগদ টকা জব্দ কৰা হৈছে আৰু আইন শৃংখলাজনিত পৰিৱেশৰ মোকাবিলা কৰিবলৈ ২৫ টা নিৰাপত্তাৰক্ষী কোম্পানী সাজু আছে বুলিও সদৰি কৰিছে বিটিআৰৰ আইজিপি ড° এল আৰ বিষ্ণইৱে ।