/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/6-2.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈছে কোকৰাঝাৰ জিলা প্ৰশাসন । কোকৰাঝাৰ জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে কোকৰাঝাৰ পূৱ (জনজাতি), কোকৰাঝাৰ পশ্চিম(জনজাতি) আৰু গোসাইগাওঁ বিধানসভা সমষ্টিত ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। ইতিমধ্যে প্ৰিজাইডিং বিষয়া , পলিং বিষয়াসকলে ইভিএমসহ নিজ নিজ গন্তব্যস্থানলৈ ৰাওনা হৈছে ।
উল্লেখ্য যে, কোকৰাঝাৰৰ তিনিওটা সমষ্টিৰ ভিতৰত কোকৰাঝাৰ পূব (জনজাতি)বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হ'ল ১,৮৩,৯৯৩ জন । সোমবাৰে কোকৰাঝাৰ জিলা ৰিটাৰ্ণিং বিষয়া ভাস্কৰ ফুকনে সাংবাদিকৰ আগত সদৰি কৰা মতে, কোকৰাঝাৰ পূৱ সমষ্টিত ২৮০ টা ভোট কেন্দ্ৰ আছে আৰু ইয়াৰে ৫৯ টা ভোট কেন্দ্ৰ অতি স্পৰ্শকাতৰ । সেয়েহে স্পৰ্শকাতৰ ভোটকেন্দ্ৰ সমূহত নিৰাপত্তাৰক্ষীয়ে কটকটীয়াকৈ সেৱা আগবঢ়াব ।
তিনিওটা বিধানসভা সমষ্টি ক্ৰমে কোকৰাঝাৰ পূৱ,কোকৰাঝাৰ পশ্চিম আৰু গোসাইগাঁও বিধানসভা সমষ্টিক সাঙুৰি মুঠ ১৩৪ টা জটিল , ১৬৯ টা অতি স্পৰ্শকাতৰ,৪০৯ টা স্পৰ্শকাতৰ আৰু তুলনামুলকভাৱে নিৰাপদ ৪০৩ টা ভোট গ্ৰহণ কেন্দ্ৰ আছে ৷ উক্ত ভোট গ্ৰহণ কেন্দ্ৰসমূহত সশস্ত্ৰ বাহিনীৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে বুলি সদৰি কৰিছে ৰিটাৰ্ণিং বিষয়া ভাস্কৰ ফুকনে ৷