তিতাবৰ -বৰহোলাত ২০ হাজাৰ লোকক সম্বোধন কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই…

তিতাবৰ -বৰহোলাত ২০ হাজাৰ লোকক সম্বোধন কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই…

author-image
asomiyapratidin
New Update
তিতাবৰ -বৰহোলাত ২০ হাজাৰ লোকক সম্বোধন কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই…

ডিজিটেল সংবাদ,বেকাজান : নিৰ্বাচন লৈ মাত্ৰ ছয়টা দিন বাকী থকা অৱস্থাত ক্ৰমাৎ তীব্ৰৰ হৈ পৰিছে তিতাবৰৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। দেওবাৰে মৰিয়নী আৰু যোৰহাটত দুখনকৈ নিৰ্বাচনী সভাত ক্ৰমে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ প্ৰচাৰে ৰাজনৈতিক বতাহ গৰম কৰি তোলাৰ পিছত তিতাবৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হেমন্ত কলিতাৰ হৈ বৰহোলাত কাইলৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি প্ৰচাৰ চলাবলৈ আহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ।

Advertisment

সোমবাৰে দুপৰীয়া ১২ বজাত বৰহোলা বাগিচাৰ খেল পথাৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা প্ৰায় বিশ হাজাৰ লোকক সম্বোধন কৰিব । কাইলৈ পুৱা সভাপতি নাড্ডাই বিশেষ বিমানেৰে দিল্লীৰ পৰা পোনে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰ অৱতৰণ কৰাৰ পিছত হেলিকেপ্টাৰে বৰহোলাত উপস্থিত হব । ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক আদৰিবলৈ যোৰহাট আৰু তিতাবৰ বিজেপি দলৰ নেতা – কৰ্মীসকলে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।

বৰহোলা বাগান খেল পথাৰত বিশাল মণ্ডপ নিৰ্মাণ কৰা হৈছে যত প্ৰায় দহ হাজাৰ লোক বহি পৰাকৈ আসনৰ ব্যৱস্থা কৰা হৈছে । যোৰহাট জিলাৰ আৰক্ষী প্ৰশাসনে ইতিমধ্যে অৰ্ধ সামৰিক বাহিনীৰ মোতায়ন কৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে । বিজেপি ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ আগমনৰ সন্দৰ্ভত যোৰহাট জিলাৰ বিজেপিৰ উপসভাপতি কুমুদ চন্দ্ৰ কছাৰীয়ে কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ কবলত তিতাবৰ সমষ্টিত এইবাৰ বিজেপিয়ে হাতলৈ নিবলৈ বিশেষ ৰণকৌশল প্ৰস্তুত কৰিছে।

তিতাবৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হেমন্ত কলিতাক জয়ী কৰাব বাবে ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে এনেদৰে বৰহোলা লৈ আহিছে । আশা কৰা হৈছে তিতাবৰ ৰাইজে এই সভাত বিপুল অংশগ্ৰহণৰে বিজেপিৰ জয় সুগম কৰিব তুলিব। উল্লেখযোগ্য যে সোমবাৰে বৰহোলা এই নিৰ্বাচনী সভালৈ যোৰহাট মৰিয়নী আৰু গোলাঘাট জিলাৰ পৰাও সমৰ্থক অনা হ'ব ।