বকোত প্ৰিয়ংকা গান্ধীক তীব্ৰ সমালোচনা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ…

বকোত প্ৰিয়ংকা গান্ধীক তীব্ৰ সমালোচনা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ…

author-image
asomiyapratidin
New Update
বকোত প্ৰিয়ংকা গান্ধীক তীব্ৰ সমালোচনা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ…

ডিজিটেল সংবাদ.বকো : মিত্ৰজোঁটৰ অসম গণ পৰিষদ দলৰ বকোৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসক নিৰ্বাচনত বিজয়ী কৰিবলৈ শুকুৰবাৰে বকোত নামিল ভাৰতীয় জনতা পাৰ্টীৰ হাইপ্ৰফাইল নেতা । হেলেকপ্টাৰেৰে আহি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলটোৰ অধ্যক্ষ জে পি নাড্ডাই ৪৮নং বকো বিধান সভা সমষ্টিৰ বকো

Advertisment

হাইস্কুল খেলপথাৰত আয়োজন কৰা শুকুৰবাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাখনক জনসাধাৰণৰ চুনামী অহা বুলি আখ্যা প্ৰদান কৰি নিৰ্বাচনী বক্তব্য আৰম্ভ কৰে । নিৰ্বাচনী সভাত প্ৰদৰ্শন কৰা ৰাভা জনগোষ্ঠীৰ লোকনৃত্য ' 'হামজাৰ নৃত্য' আৰু পৰিবেশন কৰা শিল্পী সকলোক প্ৰশংসা কৰি নৃত্য শিল্পী সকলে নৃত্য পৰিবেশনৰ বাবে ব্যৱহাৰ কৰা দা দেখি নিৰ্বাচনত বিৰোধী দলৰ ওপৰত বীৰৰ দৰে জঁপাই পৰিবলৈ মানসিক শক্তি লাভ কৰা বুলি কয় ।

বিজেপি দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ গৰাকীয়ে অসম বুলি ক'লে গোপীনাথ বৰদলৈ আৰু ভূপেন হাজৰিকাক সমগ্ৰ বিশ্বত জানে আৰু এই দুগৰাকী বিশ্ববৰেণ্য ব্যক্তিক ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু নৰেন্দ্ৰ মোডীয়ে যথাযথ স্বীকৃতিৰ ব্যৱস্থা কৰি অসমক প্ৰকৃত মৰ্যদা দিয়া বুলি ঘোষণা কৰে । ইয়াৰ বিপৰীতে অধ্যক্ষ গৰাকীয়ে কংগ্ৰছ দলৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনোমোহন সিংক তীব্ৰ সমালোচনা কৰে ।

দহ বছৰত দহবাৰ অসমলৈ আহি নোপোৱা মনোমোহন সিংৰ বিপৰীতে এতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩৫ বাৰ অসমলৈ আহিছে বুলি তেওঁ ভাষণত উল্লেখ কৰে । এয়া অসম আৰু অসমীয়াৰ প্ৰতি প্ৰধানমন্ত্ৰী গৰাকীৰ ভালপোৱা বুলি অধ্যক্ষগৰাকীৰ কৰে । কংগ্ৰছ দলৰ নেতা সকলেও অসমলৈ আহে কিন্তু ফটো উঠিবলৈহে আহে বুলি কটাক্ষ কৰি সমালোচনাত আক্ৰমণৰ লক্ষ্য হিচাপে লয় কংগ্ৰেছ দলৰ ষ্টাৰ কেম্পেইনাৰ প্ৰিয়ংকা গান্ধীক ।

ষ্টাৰ কেম্পেনাইৰ প্ৰিয়ংকা গান্ধীয়ে চাহ শ্ৰমিকৰ সৈতে ফটো উঠিবলৈহে আহিছিল বুলি সমালোচনা কৰি পিছে চাহপাত মাৰ্চ মাহতহে ছিঙিবলৈ হয় বুলিও তেওঁ জনায় । ঘঁৰিয়ালৰ চকুপানী টুকি অসমৰ চাহ শ্ৰমিকৰ সৈতে ফটো উঠিবলৈ অহা কংগ্ৰছক কোনো কাৰণতে অসম ৰাইজে ভোট নিদিয়ে বুলিও অধ্যক্ষগৰাকীয়ে নিৰ্বাচনী ভাষণত কয় । মিত্ৰজোঁটৰ অসম গণ পৰিষদ দলৰ বকোৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসক ভোট দি বিজেপি দলৰ মিত্ৰজোঁটৰ চৰকাৰ বনাবলৈ তেওঁ ৰাইজক আহ্বান জনায় ।

নিৰ্বাচনী সভাখনত হাৰিয়ানাৰ সাংসদ সঞ্জয় ভাট্টিয়া , মধ্যপ্ৰদেশৰ বিধায়ক সুধাৰ্শন গুপ্তাই কংগ্ৰেছ দলে কৰি অহা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱহৈ উঠে । বিজেপি দলৰ নেতা কেইগৰাকীয়ে তেনে দুৰ্নীতিৰ অন্তত: বিজেপিৰ দিনত হোৱা নাই ভাষণত কয় । বকোৰ বিধায়িকা নন্দিতা দাসকো তীব্ৰ সমালোচনা কৰি এইবাৰ কোনো কাৰণতে ৰাইজে বিধায়িকা গৰাকীক ভোট নিদিয়ে বুলি দৃঢ়তাৰে কয় । সভাত গুৱাহাটী লোক সভা সমষ্টিৰ সাংসদ কুইন ওজা , ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰীকে ধৰি বিভিন্ন নেতাই নন্দিতা দাসক তীব্ৰ সমালোচনা কৰে ।

প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসেও অহা ৬এপ্ৰিলত হ'ব লগা তৃতীয় পৰ্যায়ৰ বিধান সভা নিৰ্বাচনত ৰাইজক হাতীৰ ছৱিত ভোট দি তেওঁ জয়যুক্ত কৰিবলৈ নিৰ্বাচনী সভাখনৰ যোগেদি আহ্বান জনায় । উল্লেখযোগ্য যে আজিৰ নিৰ্বচনী সভাখনত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা , ফ্ৰায়লিন আৰ. মাৰাক, প্ৰতিনিধি অৰ্জুন ছেত্ৰী, জিলা পৰিষদৰ সদস্য ক্ৰমে- হিমাদ্ৰী পাঠক , কম্বুৰাম ৰাভা, সভা ৰাভা , বিজেপি নেতা ধনেশ্বৰ তালুকদাৰ, সীমান্ত দাস , নেত্ৰী বিজুলী কলিতা মেধিকে ধৰি বহু নেতা-কৰ্মীয়ে নিৰ্বাচনী সভাখনত অংশ গ্ৰহণ কৰে ।