নায়িকাৰ কাষত নায়ক,আঙুৰলতাৰ হৈ যতীন বৰাৰ নিৰ্বাচনী প্ৰচাৰ…

নায়িকাৰ কাষত নায়ক,আঙুৰলতাৰ হৈ যতীন বৰাৰ নিৰ্বাচনী প্ৰচাৰ…

author-image
asomiyapratidin
New Update
নায়িকাৰ কাষত নায়ক,আঙুৰলতাৰ হৈ যতীন বৰাৰ নিৰ্বাচনী প্ৰচাৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱাত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী শিৱামনি বৰাৰ শক্তি প্ৰদৰ্শনেৰে বিশাল ৰেলী। সহস্ৰাধিক বাহনৰে সমষ্টিৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামনি বৰাই।

Advertisment

আজি দিনৰ ১১ বজাত বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত জাজৰি নিচানতল আঞ্চলিক খেল পথাৰৰ পৰা উলিওৱা বিশাল ৰেলীত হাজাৰ হাজাৰ কৰ্মী সমৰ্থকে হাতে হাতে বেনাৰ, পষ্টাৰ লৈ মহাজোঁট ৰ কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামনি বৰা জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ আদি শ্লগান দি বটদ্ৰৱাৰ আকাশ পাতাল মুখৰিত কৰি তোলে।

ইফালে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আঙুৰলতা ডেকাই কনমানি জীয়ৰীক কাষত লৈ নাচি বাগি চলাইছে অন্তিম প্ৰচাৰ। আঙুৰলতাৰ হৈ নিৰ্বাচনী প্ৰচাৰত সংগ দিছে পীযুষ হাজৰিকাৰ লগতে অভিনেতা যতীন বৰাই।