নাৰায়ণপুৰত নিৰ্দলীয় প্ৰাৰ্থীয়ে নিশা আৱদ্ধ কৰিলে টিকটৰ বাবে ধন দিওতাক

নাৰায়ণপুৰত নিৰ্দলীয় প্ৰাৰ্থীয়ে নিশা আৱদ্ধ কৰিলে টিকটৰ বাবে ধন দিওতাক

author-image
asomiyapratidin
New Update
নাৰায়ণপুৰত নিৰ্দলীয় প্ৰাৰ্থীয়ে নিশা আৱদ্ধ কৰিলে টিকটৰ বাবে ধন দিওতাক

ডিজিটেল সংবাদ, শিমলুগুৰিঃ বিজেপিৰ টিকটৰ বাবে ৫০ লাখ টকা দি অৱশেষত টিকট নাপাই নিৰ্দলীয় খেলি হৰাৰ উমান পাই টকা দিওতাক নিশা ঘৰলৈ নি আৱদ্ধ কৰি ৰাখিলে বিহপুৰীয়া সমষ্টিৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে। বিভিন্ন ভাবুকিৰে টকা ঘুৰাই দিম বুলি স্বাক্ষৰ কৰাই ল'লে প্ৰাৰ্থী গৰাকীয়ে।

Advertisment

উল্লেখ্য যে, ১০৯ নং বিহপুৰীয়া বিধান সভা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰে বিজেপিৰ টিকট প্ৰত্যাশী তুলেশ্বৰ পেগুৱে ৷ জানিব পৰা মতে, বিজেপিৰ টিকট প্ৰত্যাশী তুলেশ্বৰ পেগুৱে নিৰ্বাচনৰ পূৰ্বে নাৰায়ণপুৰৰ নৱ শৰ্মা নামৰ ব্যক্তিজনক বিজেপিৰ টিকট পাবৰ বাবে ৫০ লাখকৈ টকা দিছিল। টিকট নোপোৱাত নিৰ্দলীয় ভাৱে খেলিবৰ বাবে শৰ্মাই তুলেশ্বৰ পেগুক পৰামৰ্শ দি তেওঁক দিয়া পইছা ঘূৰাই দিম বুলিও কৈছিল। কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছতো পইছা ঘূৰাই নিদিয়াত দেওবাৰে নিশা নৱ শৰ্মা ঘৰলৈ মাতি নি আৱদ্ধ কৰি ৰাখে।

অৱশেষত নিৰ্দিষ্ট সময়ত পইছা ঘূৰাই দিম বুলি স্বাক্ষৰ সম্বলিতভাৱে লিখা লিখি কৰি মুকলি হৈ আহে নৱ শৰ্মা। ঘটনাৰ উমান পাই নিশা তুলেশ্বৰ পেগুৰ ঘৰত আৰক্ষীও উপস্থিত হয়। সোমবাৰে সংবাদ দাতাই বিষয়টোৰ সন্দৰ্ভত বিতংকৈ জানিবৰ বাবে তুলেশ্বৰ পেগুৰ লগত যোগাযোগৰ চেষ্টা কৰিছিল যদিও তেওঁৰ মোবাইল বন্ধ।

আনহাতে, নৱ শৰ্মাই সাংবাদিকৰ সন্মুখত সাক্ষাৎকাৰ দিম বুলি কৈয়ো অৱশেষত সাংবাদিকক লগেই নিদিলে। এতিয়া বিভিন্ন মহল প্ৰশ্ন হয় প্ৰকৃততে তুলেশ্বৰ পেগুৱে নৱ শৰ্মাক ধন দিছিল নে? যদি দিছিল ধন লৈ এতিয়া উধাও হোৱাৰ চিন্তা কৰি নিজকে আত্মগোপন কৰিছে নেকি নৱ শৰ্মাই?

জানিব পৰা মতে, অতুল শইকীয়া নামৰ আন এগৰাকী ব্যক্তিকো ধনৰ লেন দেনৰ বাবে আৱদ্ধ কৰি ৰাখিছিল ৷উক্ত ঘটনাই সমগ্ৰ সমষ্টিটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷