/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/6-4.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ ১ এপ্ৰিলত অসম বিধান সভাৰ ২য় পৰ্যায়ৰ নিৰ্বাচন। ২য় পৰ্যায়ৰ নিৰ্বাচনত অন্তৰ্ভুক্ত ৬৭ নং মঙলদৈ বিধান সভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী বসন্ত দাস, বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাস, অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গকুল বৰুৱা আৰু ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেছনেলৰ জিতেন্দ্ৰ সৰকাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও সমষ্টিটোত মূল যুজঁখন হ'ব কংগ্ৰেছ আৰু বিজেপি দলৰ প্ৰাৰ্থী দুগৰাকীৰ মাজত হোৱাৰ সম্ভাৱনা অধিক।
মঙলদৈ সমষ্টিত বৰ্তমান মুঠ ভোটাৰৰ সংখ্যা ২ লাখ ৩৬ হাজাৰ ৯৮৫ গৰাকী। এইবাৰ সমষ্টিটোত এআইইউডিএফ দলে প্ৰাৰ্থিত্ব প্ৰদান নকৰাত সংখ্যালঘূ ভোটাৰৰ প্ৰাধান্য থকা সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ জয়ৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। বিজেপিৰ দুৰ্গ খহাবলৈ এক প্ৰকাৰ উঠি পৰি লাগিছে কংগ্ৰেছ কৰ্মীসকলে। ভোটাৰৰ ঘৰে ঘৰে গৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক হাতৰ ছবিত ভোট দিবলৈ আহ্বান জনাই কংগ্ৰেছ কৰ্মীসকলে ।
ইপিনে বিজেপিৰ প্ৰাৰ্থী গুৰুজ্যোতি দাসেও গাঁৱে-ভূঁঞে, বাটে-পথে যথেষ্ট উন্নয়নমূলক কাম কৰিছে যদিও অঞ্চলভেদে উন্নয়নত বৈষম্য আৰু তাৰতম্যৰ অভিযোগ আনি একাংশই তেওঁৰ বিৰোধিতা কৰি বসন্ত দাসৰ পক্ষ লোৱা পৰিলক্ষিত হৈছে। আনহাতে, সমষ্টিটোত এইবাৰ এআইই ডিএফৰ প্ৰাৰ্থী নথকাত বসন্ত দাসৰ বিজয় সুনিশ্চিত হ'ব লাগিছিল যদিও গুৰুজ্যোতি দাসৰ অমায়িক আৰু ভদ্ৰোচিত ব্যৱহাৰৰ বিপৰীতে বসন্ত দাসৰ ব্যৱহাৰ আৰু জনসম্পৰ্ক মধুৰ নহয় বুলি এটা সততে বদনাম উত্থাপিত হৈ আহিছে ।এই লৈ শংকিত হৈ বসন্ত দাসে পূৰ্বে কৰি অহা ভুলৰ আৰু পুনৰাবৃত্তি নহয় বুলি ভোটাৰ ৰাইজক পতিয়ন নিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে। পূৰ্বতকৈ তেওঁ যথেষ্ট নমনীয় হৈ সদলবলে নিজৰ পক্ষে ঢৌৰ সৃষ্টি কৰিবলৈ উঠিপৰি লাগিছে।
গুৰুজ্যোতি দাসেও সংখ্যালঘু ভোটাৰৰ মন জয় কৰিবলৈ চৰ চাপৰি অঞ্চলত প্ৰচেষ্টা অব্যাহত ৰাখিছে।গুৰুজ্যোতি দাসৰ আচৰণ আৰু ভদ্ৰ ব্যৱহাৰত মোহিত হৈ ভালেসংখ্যক সংখ্যালঘু ভোটাৰে তেওঁৰ পক্ষ লোৱা পৰিলক্ষিত হৈছে। এই বাহ্যিক সমৰ্থন ভোটলৈ ৰূপান্তৰ হ'লে গুৰুজ্যোতি দাসৰ জয়ো অসম্ভৱ নহয়।গুৰুজ্যোতি দাসে যেনেকৈ সংখ্যালঘু ভোটাৰক আকৰ্ষণ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে তেনেকৈ বসন্ত দাসেও সংখ্যালঘু ভোটাৰক নিজৰ পক্ষলৈ আনিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে।এনে পৰিপ্ৰেক্ষিতত মঙলদৈ সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট আকৰ্ষণীয় হৈ উঠিছে যদিও শেষ হাঁহি কোনে মাৰিব সেয়া লক্ষনীয় হ'ব।