সৰুপথাৰৰ তুৰুং গাঁৱত ৰাইজ নিজেই নামিল পথ মেৰামতিৰ কামত

সৰুপথাৰৰ তুৰুং গাঁৱত ৰাইজ নিজেই নামিল পথ মেৰামতিৰ কামত

author-image
asomiyapratidin
New Update
সৰুপথাৰৰ তুৰুং গাঁৱত ৰাইজ নিজেই নামিল পথ মেৰামতিৰ কামত

ডিজিটেল সংবাদ, সৰুপথাৰঃ ৰাইজে নখ জোকাৰিলে নৈ বয়৷ অসমীয়াত বহলভাৱে প্ৰচলিত এইষাৰ কথা সঁচা প্ৰমাণ কৰি দেখুৱালে সৰুপথাৰৰ তুৰুং গাঁৱৰ ৰাইজে৷ ধনশিৰি মহকুমাৰ সদৰ সৰুপথাৰ নগৰৰ মাজমজিয়াৰ পৰা গন্ধকৰৈ পঞ্চায়তৰ বিলনী, চুকীয়াপথাৰ মাজেৰে তুৰুং গাঁও হৈ উৰিয়ামঘাটৰ নগাআলিত সংযোগ হোৱা কেইবা কিলোমিটাৰ দৈৰ্ঘ্যৰ এটি গড়কাপ্তানী পথ বহু বছৰ ধৰি মেৰামতিৰ অভাৱত যাতায়তৰ একেবাৰে অনুপযোগী হৈ পৰাত ৰাইজক জ্বলা কলা দেখুৱাইছে৷

Advertisment

সীমান্ত অঞ্চল উৰিয়ামঘাটৰ পৰা সৰুপথাৰলৈ আহিব পৰা জৰাজীৰ্ণ এই চমু পথটো মেৰামতিৰ ব্যৱস্থা হাতত ল'বলৈ লোকনিৰ্মাণ বিভাগ আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক গৰাকীৰ ওচৰত ৰাইজে বাৰম্বাৰ দাবী জনায় অহাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰিলে বুলি ৰাইজে এক গুৰুত্বৰ অভিযোগ তুলিছে৷ধনশিৰি মহকুমাৰ সৰুপথাৰ অঞ্চলৰ প্ৰথম গৰাকী সাংবাদিক প্ৰয়াত লেচাম তুৰুঙৰ নামত উৎসৰ্গিত এই পথটো সম্প্ৰতি অধিক জৰাজীৰ্ণ ৰূপ লোৱাৰ ফলত বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল অহা যোৱা কৰাৰ ক্ষেত্ৰত লগতে সৰু সৰু যানবাহন চলাচলৰ ক্ষেত্ৰটো ভীষণ সমস্যাৰ সৃষ্টি হৈছে৷

জনপ্ৰতিনিধি আৰু বিভাগীয় লোকমান্য বিভাগেও পথটো মেৰামতিৰ বাবে কোনো গুৰুত্ব নিদিয়াৰ ফলত ৰজাপুখুৰী পঞ্চায়তৰ বৃহত্তৰ তুৰুং গাঁওবাসী ৰাইজে গাঁওখনৰ কেইজনমান সমাজ সচেতন লোক লগ লাগি দুই-এপইচা দান বৰঙণি সংগ্ৰহ কৰি বাৰিষা অহাৰ পূৰ্বে নিজেই পথটো মেৰামতি কৰিবলৈ বুলি ওলাই আহে৷ হাতে হাতে কোৰ, বেলচা আদি লৈ প্ৰসৰ ৰ'দকো নেওচি তুৰুং গাঁৱৰ ৰাইজে পথটোত কেইবাগাড়ী চেণ্ডগ্ৰেভেল দি যাতায়াতৰ বাবে সুচল কৰি লোৱা পৰিলক্ষিত হয়।