ভোটাৰ পৰিচয় পত্ৰ নাথাকিলে আন কি ১১ বিধ নথি দেখুৱাই দিব পাৰিব ভোট…

ভোটাৰ পৰিচয় পত্ৰ নাথাকিলে আন কি ১১ বিধ নথি দেখুৱাই দিব পাৰিব ভোট…

author-image
asomiyapratidin
New Update
পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

ডিজিটেল ডেস্ক : আগন্তুক অসম বিধান সভা নিৰ্বাচনত ফটো যুক্ত ভোটাৰ পৰিচয় পত্ৰ থকা সকলৰ চিন্তা নাই । এই পৰিচয় পত্ৰ দেখুৱাই তেওঁলোকে সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ । কিন্তু যি সকলৰ ফটো যুক্ত পৰিচয় পত্ৰ নাই তেওঁলোকে কেনেকৈ ভোট দিব ।

Advertisment

নিৰ্বাচন আয়োগে ১১ বিধ নঠি পত্ৰক ভোটাৰ পৰিচয় পত্ৰৰ বিকল্প নথি হিচাপে গণ্য কৰিব । এই ১১ বিধ নথি দেখুৱাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ।সেই নথি সমূহ হ'ল –

  • আধাৰ কাৰ্ড
  • মহাত্মা গান্ধী এনৰেগাৰ জৱকাৰ্ড
  • বেংক আৰু ডাকঘৰৰ ফটোযুক্ত পাছবুক
  • শ্ৰম মন্ত্ৰ্যালয়ৰ অধীনত প্ৰদান কৰা হেল্থ ইনচুৰেঞ্চ কাৰ্ড
  • ড্ৰাইভিং লাইচেণ্স
  • পেন কাৰ্ড
  • ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ অধীনত ভাৰতৰ মহা পঞ্জীয়কে প্ৰদান কৰা স্মাৰ্ট কাৰ্ড
  • পাছপ'ৰ্ট
  • ফটোগ্ৰাফৰ সৈতে পেণ্সনৰ নথি
  • কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে ৰাজহুৱা সেৱা খণ্ড বা পাব্লিক লিমিটেড কোম্পেনীৰ চকৰিয়ালৰ ফটোযুক্ত পৰিচয় পত্ৰ
  • সাংসদ,বিধায়ক বা বিধান পৰিষদৰ সদস্য সকলৰ পৰিচয় পত্ৰ

আনহাতে যদি ভোটাৰ জনৰ পৰুিচয় সাব্যস্ত কৰিব পাৰি তেতিয়াহ'লে ফটো যুক্ত ভোটাৰ পৰিচয় পত্ৰত থকা বানান ভুল আদি উপেক্ষা কৰিবলৈও নিৰ্বাচন আয়োগে নিৰ্দেশ দিছে । অন্য সমষ্টিৰ নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ দ্বাৰা আগতে প্ৰদান কৰা ফটো যুক্ত ভোটাৰ পৰিচয় পত্ৰ দাখিল কৰিও ভোটদান কৰিব পৰা যাব যদিহে ভোটাৰ জনৰ নাম ভোট দিবলৈ যোৱা ভোটগ্ৰহণ কেন্দ্ৰত ইতিমধ্য়ে অন্তৰ্ভূক্ত কৰা হৈছে।