ৰাইজে জাকিৰক বিধায়ক বনাওক, মন্ত্ৰীত্বৰ দায়িত্ব মোৰঃ ৰকিবুল হুছেইন

ৰাইজে জাকিৰক বিধায়ক বনাওক, মন্ত্ৰীত্বৰ দায়িত্ব মোৰঃ ৰকিবুল হুছেইন

author-image
asomiyapratidin
New Update
ৰাইজে জাকিৰক বিধায়ক বনাওক, মন্ত্ৰীত্বৰ দায়িত্ব মোৰঃ ৰকিবুল হুছেইন

ডিজিটেল সংবাদ, চেঙাঃ সৰুক্ষেত্ৰী সমষ্টিৰ বৰমাৰাত দেওবাৰে কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ সমৰ্থনত বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভাপতি শান্ত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে ।

Advertisment

ভাষণৰ মাজতে ৰকিবুল হুছেইনৰ মুখত পুনৰ শুনা গ'ল- খেলা হ'ব খেলা হ'ব, জাকিৰ হুছেইন শিকদাৰ বিধায়ক হ'ব, কংগ্ৰেছৰ এইবাৰ চৰকাৰ হ'ব, জাকিৰ হুছেইন শিকদাৰ মন্ত্ৰী হ'ব আদি শ্লোগান।তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনত কংগ্ৰেছে দিয়া পাঁচটা গ্যাৰান্টী কংগ্ৰেছৰ চৰকাৰ হ'লে ৰূপায়ণ কৰিব বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে।

ৰকিবুল হুছেইনে বন্ধু বুলি কৈ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে। সৰুক্ষেত্ৰীৰ কয়াকুছিত কেইমাহমান পূৰ্বে অনুষ্ঠিত বুথ সন্মিলনৰ পৰাই সৰ্বভাৰতীয় পৰ্যায়ত কংগ্ৰেছৰ জোৱাৰ উঠিছিল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰকিবুল হুছেইনে। সভাখনত জাকিৰ হুছেইন শিকদাৰক 'সৰুভাই' বুলি সম্বোধন কৰি জাকিৰক বিধায়ক বনাবলৈ ৰাইজলৈ আহ্বান জনায় ৰকিবুল হুছেইনে। জাকিৰ হুছেইন শিকদাৰ বিধায়ক হোৱাৰ পিছত জাকিৰ হুছেইন শিকদাৰক মন্ত্ৰী বনোৱাৰ দায়িত্ব মোৰ বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে ।

ৰকিবুল হুছেইনে কয় যে – আমাৰ চৰকাৰ হ'লে মই মন্ত্ৰী নাপালেও জাকিৰ হুছেইন সিকদাৰক মন্ত্ৰীত্ব দিয়া হ'ব। ইয়াৰ উপৰিও কংগ্ৰেছৰ চৰকাৰ হ'লে অসমৰ পাঁচটা সমষ্টিৰ ভিতৰত এটা উন্নয়ন সমষ্টি সৰুক্ষেত্ৰীক হিচাপে গঢ়ি তোলা হ'ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰকিবুল হুছেইনে।

এন আৰ চি সন্দৰ্ভতো বক্তব্য প্ৰদান কৰি বিজেপি চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰে। আনহাতে, কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ গঠন হ'ব আৰু কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে। সভাখনত কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰ, ৰূপহীহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল হুদায়ো ভাষণ প্ৰদান কৰে। জাকিৰ হুছেইন শিকদাৰে এআইইউডিএফ দলৰ সভাপতি বদৰউদ্দিন আজমলক ক্ষুৰধাৰ সমালোচনা কৰে। সৰুক্ষেত্ৰীৰ মাটিত বদৰউদ্দিন আজমলে জাকিৰ হুছেইন শিকদাৰক দুৰ্নীতিগ্ৰস্ত, ব্যৰ্থ বিধায়ক বুলি কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভাষণৰ জৰিয়তে কয় যে বদৰউদ্দিন আজমলৰ সন্তানেও মোৰ স'তে একেলগে পাঁচটা বছৰ বিধায়ক হৈ আছিল। তেওঁৰ সন্তানে কি কৰিছে তাৰ হিচাপ ৰাইজক দিয়ক বুলিও মন্তব্য কৰে জাকিৰ হুছেইন শিকদাৰে। বদৰ উদ্দিন আজমলে সৰুক্ষেত্ৰীত যিগৰাকীক প্ৰাৰ্থিত্ব দিছে তেওঁৰ স্বামীৰ সম্পত্তিৰ উৎসৰ কথা ৰাইজক জনাবলৈ প্ৰত্যাহ্বান জনাইছে জাকিৰ হুছেইন শিকদাৰে।

যদি মই পূৰ্বৰ বিধায়কসকলতকৈ ভাল কাম কৰিছো তেন্তে সৰুক্ষেত্ৰীৰ ৰাইজে মোক ভোট দিব। যদি মই কাম কৰিব পৰা নাই ভোট দিব নালাগে বুলিও মন্তব্য কৰে জাকিৰ হুছেইন শিকদাৰে।