/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/22-3.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিমটো দিনত মানকাচৰত কংগ্ৰেছ-এআইইউডিএফৰ মহাজোঁট বন্ধনৰ সমৰ্থিত তথা এআইইউডিএফৰ মনোনীত প্ৰাৰ্থী আমিনুল ইছলামৰৰ এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। মানকাচৰ জে এম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত এই বিশাল নিৰ্বাচনী সভাত দুখনকৈ হেলিকপ্টাৰেৰে কংগ্ৰেছ, এআইইউডিএফৰ জেষ্ঠ নেতা সকল মুখ্য অতিথি হিচাপে উপস্থিত থাকি আমিনুল ইছলামৰ হৈ প্ৰচাৰ চলায়।
এই বিশাল নিৰ্বাচনী সভা উপলক্ষে হাটশিঙিমাৰীৰ পৰা কংগ্ৰেছ-এআইইউডিএফৰ সমৰ্থক সকলে এক বিশাল সমদল উলিয়াই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। প্ৰায় ২০ সহস্ৰাধিক লোকৰ উপস্থিতিত্ দিনৰ প্ৰায় ১ বজাত প্ৰথম খন হেলিকপ্টাৰ যোগে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ গৌৰৱ গগৈ আৰু মানকাচৰৰ কংগ্ৰেছী বিধায়ক ডাক্তৰ মতিউৰ ৰহমান মণ্ডল উপস্থিত হয় । সভাত বিজেপি চৰকাৰক দেশ তথা জাতিৰ প্ৰধান শত্ৰু বুলি কৈ কঠোৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।
ৰিপুন বৰা কয় যে, আমিনুল ইছলামৰ এই নিৰ্বাচনী সভাত হেজাৰ হেজাৰ মানুহৰ উপস্থিতিয়ে প্ৰমাণ কৰে যে এয়া নিৰ্বাচনী সভা নহয়, এয়া এক বিজয় উল্লাসৰ সভাহে। সভাত বৰাই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক সমালোচনা কৰি কয় যে, দাসে নামনি অসমক পাকিস্তান বুলি কৈ থাকে। কিন্তু ৰাইজে এইবাৰ নামনি অসমত আটাইকেইখন আসন মহাজোঁট বন্ধনক দিব।
আনহাতে, সভাখনত উপস্থিত মুখ্য আকৰ্ষক গৌৰৱ গগৈ কয় যে, অগপ মানে বিজেপি, বিজেপি মানে অগপ। অসম বচাবলৈ হলে অগপ বিজেপিক বিদায় দি কংগ্ৰেছ মহাজোঁট বন্ধনক জিকাব লাগিব। ইফালে মানকাচৰ সমষ্টিত কংগ্ৰেছী বিধায়ক ডাক্তৰ মতিউৰ ৰহমান মণ্ডল কংগ্ৰেছৰ পৰা টিকট দাবী কৰা অন্যতম প্ৰাৰ্থী আছিল যদিও মহাজোঁট বন্ধনে কংগ্ৰেছৰ দখলত থকা মানকাচৰ সমষ্টি এআইইউডিএফক এৰি দিয়াত কংগ্ৰেছী সকল চিন্তিত হৈ পৰিছিল। কংগ্ৰেছী সকল কোনো চিন্তাৰ কাৰণ নাই বুলি কৈ গৌৰৱ গগৈ কয় আমিনুল জিকিলেও কংগ্ৰেছৰ সমান অধিকাৰ থাকিব। ইয়াৰ বাবে তেওঁ নিজেই গ্যাৰান্টী বুলি প্ৰকাশ কৰে।
গৌৰৱ গগৈ আৰু ৰিপুন বৰা দিনৰ প্ৰায় ১.৩০ বজাত ভাষণ সম্পন্ন কৰি পুনৰ আন এখন সভালৈ ৰাওনা হয়। ইয়াৰ পাছতেই বিয়লি প্ৰায় ২.৩০ বজাত আন এখন হেলিকপ্টাৰ যোগে মৌলানা বদৰুদ্দিন আজলম, তেওঁৰ পুত্ৰ তথা দক্ষিণ শালমাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহমান আজমল, দলৰ উপসভাপতি তথা প্ৰাক্তন বিধায়ক ডাক্তৰ আদিত্য লাংথাছা আহি সভাত উপস্থিত হয়।
সভাখনত আজমলে মানকাচৰৰ ৰাইজক কয়, "আপোনালোক আমিনুল ইছলামক ১ লাখ ২০ হেজাৰতকৈ অধিক ভোট দি জিকাই দিয়ক আমি আমিনুলক মন্ত্ৰীত্ব দিম।"
মন কৰিবলগীয়া যে, এই বিশাল নিৰ্বাচনী জনসভাখনত মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা উপস্থিত থাকি অসম মেঘালয়ৰ বাণিজ্যিক সমস্যা, অসমীয়া ব্যৱসায়ীৰ ওপৰত মেঘালয়ৰ দুৰ্বৃত্তই চলোৱা সকলো সমস্যা সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। একেদৰে, টিকট বঞ্চিত কংগ্ৰেছী বিধায়ক গৰাকীয়েও দেশৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত মহাজোঁট বন্ধনৰ প্ৰাৰ্থী গৰাকীক জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়।