নিৰ্বাচনৰ বাবে কিদৰে সাজু মহানগৰ আৰক্ষী…

নিৰ্বাচনৰ বাবে কিদৰে সাজু মহানগৰ আৰক্ষী…

author-image
asomiyapratidin
New Update
নিৰ্বাচনৰ বাবে কিদৰে সাজু মহানগৰ আৰক্ষী…

ডিজিটেল ডেস্ক : সন্মুখত অসম বিধানসভা নিৰ্বাচন । সাজু হৈছে ৰাজনৈতিক দল । সাজু হৈছে আৰক্ষী । সুচাৰু ৰূপে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে অসম আৰক্ষীয়ে । মহানগৰ আৰক্ষীয়ো নিৰ্বাচনৰ বাবে সাজু হৈছে । গুৱাহাটীৰ মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কক জনালে কিদৰে সাজু হৈছে মহানগৰ আৰক্ষী ।

Advertisment

নিৰ্বাচন আয়োগৰ নিৰ্দেশ কোভিড প্ৰট'কল এইবাৰ মানি চলা হ'ব প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰ । মহানগৰীতো বৃদ্ধি কৰা হৈছে ভোটগ্ৰহন কেন্দ্ৰ । নিৰ্বাচনত নিয়োজিত আৰক্ষী বিষয়া,কনিষ্টবলক কোভিড ভেকচিন প্ৰদানৰ পৰ্ব চলি আছে ।

https://fb.watch/4aYFAPDFZT/

মহানগৰৰ ১৪৪১ টা ভোটগ্ৰহন কেন্দ্ৰত নিৰাপত্তাৰ ব্যৱস্থাও পৰ্যবেক্ষন কৰিছে আৰক্ষী আয়ুক্ত গৰাকীয়ে। জনসাধৰণৰ প্ৰতিও আৰক্ষী আয়ুক্ত গৰাকীৰ আহ্বান আয়োগে দিয়া নীতি নিৰ্দেশনা মানি আইন শৃংখলা ৰক্ষা কৰি সাব্যস্ত কৰক ভোটাধিকাৰ ।