২০২১ৰ বিধানসভা নিৰ্বাচন বৰ্জন কৰিব গৃহৰক্ষী বাহিনীয়ে…

২০২১ৰ বিধানসভা নিৰ্বাচন বৰ্জন কৰিব গৃহৰক্ষী বাহিনীয়ে…

author-image
asomiyapratidin
New Update
২০২১ৰ বিধানসভা নিৰ্বাচন বৰ্জন কৰিব গৃহৰক্ষী বাহিনীয়ে…

ডিজিটেল সংবাদ,মঙলদৈ : অচলাৱস্থাৰ সৃষ্টি হ'ব নেকি ২০২১ৰ বিধান সভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৰ্মবিৰতি ঘোষণা কৰিলে গৃহৰক্ষী বাহিনীয়ে৷ সোমবাৰে মঙলদৈ প্ৰেছ ক্লাবত স্বেচ্ছাসেৱক কল্যাণ সন্থা গৃহৰক্ষী বাহিনীয়ে এই কথা ঘোষণা কৰে।

Advertisment

অতদিনে মাত্ৰ দিনে ৩০০ টকাকৈ নিয়োজিত হৈ থকা গৃহৰক্ষী বাহিনীয়ে উত্থাপন কৰি চাকৰি নিয়মীয়া কৰন,দৰমহা বৰ্ধিত কৰন আদি দাবীসমুহ মানি নললে অহা ১৫ মাৰ্চৰ পৰা কৰ্মবিৰতি ঘোষণা কৰে ক্ষুদ্ধ গৃহৰক্ষী জোৱান সকলে ৷

দৰঙৰ ১২০০ গৃহৰক্ষী জোৱান সহ অসমত মুঠ ২৭০০০ গৃহৰক্ষী জোৱান নিয়োজিত হৈ আছে এই সকল গৃহৰক্ষী জোৱান ঘৰৰ পৰিয়াল সহ প্ৰায় ডেৰ লক্ষ্যাধিক ভোটাৰে উত্থাপন কৰি অহা দাবি সমুহ কোনো মিমাংসা নহ'লে সমাগত ২০২১ নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকিব বুলিও সংবাদ মেলত উল্লেখ কৰে।এই সংবাদমেলত উপস্থিত থাকে দৰং জিলা গৃহৰক্ষী বাহিনীৰ সভাপতি মনোৰঞ্জন ডেকা আৰু সম্পাদক হেমন্ত চহৰীয়াই সহ কেইবাজনো গৃহৰক্ষী জোৱান।