/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/hojai-3.jpg)
ডিজিটেল সংবাদ, হোজাই : অসমত কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ হলে কা বাতিল কৰা হব, এই নিৰ্বাচন আমাৰ অস্তিত্বৰ নিৰ্বাচন, কা আন্দোলনৰ সময়ত বিজেপিৰ নেতা কৰ্মীৰ ঘৰ জ্বলাই দিয়া হৈছে, ফলত কা বাতিল হ'ব বুলি ভোটাৰ ৰাইজে কংগ্ৰেছক ভোট নিদিয়ে বুলি দেওবাৰে হোজাইৰ নিৰ্বাচনী সভাত হোজাই সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষে কয়।
হোজাই সমষ্টিৰ যোগীজান মণ্ডলৰ অধীনস্থ বিভিন্ন ঠাইত ৰামকৃষ্ণ ঘোষে আজি সন্ধিয়া লৈকে ৮ খন নিৰ্বাচনী সভা অনুষ্ঠিত কৰি ভাষণত কংগ্ৰেছক সমালোচনা কৰি কয় কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ডাঃ অর্ধেন্ধু দে কিছুদিন আগতে বিজেপিত যোগদান কৰে কাৰণ কংগ্ৰেছৰ চৰকাৰ অসমত হলে অসম মুছলিমস্থান কৰা হব যিটো ডাঃ দে মানি লব পৰা নাই বুলি ৰামকৃষ্ণই কয়।
কংগ্ৰেছে সদায় বিভিন্ন জাতি ধৰ্মৰ মাজত কাজিয়াৰ সৃষ্টি কৰে। কংগ্ৰেছ শাসনত আহিলে অৰাজকতাৰ সৃষ্টি কৰে কিন্তু বিজেপি শাসনত আহিলে শান্তি আৰু উন্নতিৰ বাবে কাম কৰে। কংগ্ৰেছ চৰকাৰৰ সময়ত হোজাইত কোনো ভাল চিকিৎসালয় নাছিলে কিন্তু বিজেপিৰ মাত্ৰ ৫ বছৰ শাসনকালত হোজাইত ২০০ বিচনাযুক্ত জিলা চিকিৎসালয় স্থাপন কৰা হৈছে। বিজেপি চৰকাৰৰ আমোলত হোজাই সমষ্টিত যথেষ্ট উন্নয়ন হৈছে।
বিজেপি চৰকাৰে আয়ুসমান , অটল অমৃত কাৰ্ড দিয়াৰ বাবে দুখীয়া ৰাইজে বিনামূলীয়া কৈ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰি আছে। কংগ্ৰেছৰ ৭০ বছৰত অসমত ৩ খন মেডিকেল কলেজ প্ৰতিষ্ঠা কৰিছিল যদিও বিজেপিৰ ৫ বছৰত ৮ টা মেডিকেল কলেজ স্থাপনৰ কাম চলি আছে। উন্নয়ন মানেই বিজেপি, কংগ্ৰেছে বিভেদৰ সৃষ্টি কৰে আৰু বিজেপিয়ে সমন্বয়ৰ সৃষ্টি কৰে। প্ৰধানমন্ত্ৰী জনধন আঁচনি কংগ্ৰেছে সমালোচনা কৰিছিল তেওঁলোকৰ দালালৰাজ বন্ধ হোৱাৰ ভয়ত, আজি জনধন আঁচনিৰ যোগেদি ৰাইজে পোনপটীয়াকৈ নিজৰ জনধন একাউণ্টত ধন পাই আহিছে যাৰ ফলত কংগ্ৰেছৰ দালালৰাজ বন্ধ হৈ গৈছে, এয়া কেৱল বিজেপিৰ বাবেহে হৈছে।
কংগ্ৰেছে ৰাইজক কেৱল প্ৰতাৰণা কৰিছে , আজি ৰাইজ কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈছে , কংগ্ৰেছে কেৱল নিজৰ আৰু নিজৰ পৰিয়ালৰ স্বাৰ্থৰ চিন্তা কৰে বুলি নিৰ্বাচনী সভাত কয়। হোজাই মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হৈছে, চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথ বিজেপি চৰকাৰৰ দিনত হৈছে। নিৰ্বাচনৰ পিছত হোজাইত মেডিকেল কলেজ স্থাপন কৰাৰ কথা ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে বুলি ভাষণত কয় ৰামকৃষ্ণই। বিজেপি চৰকাৰে কোনো এটা জাতি ধৰ্মৰ বিকাশৰ কথা নকয়, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে বিকাশ সাধন কৰে।
ইপিনে যোগীজান অঞ্চলক পৰ্যটনস্থলী হিচাপে ঘোষণা কৰা হব আৰু ইয়াক পৰ্যটন পেকেজৰ অন্তৰ্ভুক্ত কৰা হব এইটো মোৰ বিধায়ক হোৱাৰ পিছত প্ৰথম কাম হব বুলি সভাত কয়। প্ৰাৰ্থী গৰাকীয়ে প্ৰচাৰ কালত নামঘৰ, শিৱ মন্দিৰ, গণেশ মন্দিৰ, কালি মন্দিৰত সোমাই আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে কেইবাখনো নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। ইপিনে যোগীজান বজাৰত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানত ডাঃ অৰ্ধেন্দু দে বিজেপি প্ৰাৰ্থী ৰামকৃষ্ণক সংগ দি ভাষণত কয় আদৰ্শবিহীন, নেতৃত্বহীন দল হৈছে কংগ্ৰছ , এনে দলত ভোট দিয়া মানেই নিজৰ অস্তিত্ব সংকটৰ মুখত পেলাই দিয়া।
জাতি জনজাতি আৰু সকলো সম্প্ৰদায়ৰ মাজত বিভেদৰ বীজ ৰোপণ কৰি বিভিন্ন জাতি জনগোষ্ঠীক অহা দিনত যাতে বিপদত পেলাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিজেপিক ভোট দিবলৈ আহ্বান জনায়। আমাৰ জাতিৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি ভাবুকি স্বৰূপ আজমলৰ দলৰ লগত কংগ্ৰেছৰ নিৰ্বাচনী মিত্ৰতা কৰাত মই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছোঁ বুলি কয়।
নিৰ্বাচনী সভাত ডাঃ দেই নিজৰ বক্তব্য প্ৰদান কৰাৰ সময়ত কংগ্ৰেছ দলক আক্ৰমণ কৰাৰ লগতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী দেৱব্ৰত সাহাক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে। হোজাইৰ সমাজ খন ৰক্ষা কৰাৰ স্বাৰ্থত বিজেপিৰ প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষক ভোট দিয়াৰ আহ্বান জনোৱাৰ লগতে ৰামকৃষ্ণ ঘোষক কৰ্ম দক্ষতাৰ মাধ্যমেৰে ৰাইজৰ মন জয় কৰি ডাঃ দেৰ পাঁচ বাৰৰ বিজয়ী হোৱাৰ ৰেকৰ্ড ভংগ কৰাৰ বাবে ৰামকৃষ্ণক আহ্বান জনায় প্ৰাক্তন মন্ত্ৰী ডঃ দে ।