/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/hojai-1.jpg)
ডিজিটেল ডেস্ক : হোজাইৰ বিধায়ক শিলাদিত্য দেবৰ ঘৰত উপস্থিত হয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা নেতাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধৰণ সম্পাদক দিলীপ শইকীয়া । হোজাইত বিজেপিৰ প্ৰাৰ্থী ৰূপে ৰামকৃষ্ণ ঘোষক প্ৰাৰ্থিত্ব প্ৰদানৰ পিছতেই ক্ষোভিত হৈ পৰিছিল হোজাইৰ বিধায়ক শিলাদিত্য দেব । শিলাদিত্য দেবে নিৰ্দলীয় ভাবে নিৰ্বাচন অবতীৰ্ণ হোৱাৰ কথাও ঘোষনা কৰিছিল ।
শুকুৰবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হোজাইৰ বিধায়ক শিলাদিত্য দেবৰ বাসগৃহত উপস্থিত হৈ এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত মন্ত্ৰী গৰাকীয়ে কয় যে – শিলাদিত্য ভাৰতীয় জনতা পাৰ্টীৰ আগতেও এজন কাৰ্যকৰ্তা আছিলে আৰু ভবিষ্যতেও থাকিব ।সমগ্ৰ অসমতে নিৰ্বাচনৰ প্ৰচাৰত দায়িত্বত থাকিব শিলাদিত্য দেব । হোজাই আৰু লামডিঙতো প্ৰচাৰ চলাব বিধায়ক গৰাকীয়ে । শিলাদিত্য দেবক দলে আন দায়িত্ব প্ৰদান কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।