মাজবাটত বিজেপি প্ৰাৰ্থী জিতু কিষানৰ হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

মাজবাটত বিজেপি প্ৰাৰ্থী জিতু কিষানৰ হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

author-image
asomiyapratidin
New Update
মাজবাটত বিজেপি প্ৰাৰ্থী জিতু কিষানৰ হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল সংবাদ,ওৰাংঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত মাজবাটতত বিজেপি প্ৰাৰ্থী জিতু কিষানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নাচে-গানে মাজবাটত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে। নিৰ্বাচনী প্ৰচাৰ সভাত তীব্ৰ সমালোচনা কৰে হাগ্ৰামা মহিলাৰী আৰু বদৰুদ্দিন আজমলক। হাগ্ৰামা মহিলাৰী আৰু বিপিএফ এইবাৰ মিউজিয়ামত থাকিব বুলি হাগ্ৰামাক কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাই।‌

Advertisment

অসমত পুনৰ বিজেপি চৰকাৰ গঠন হ'ব বুলি মন্তব্য প্ৰদান কৰাৰ লগতে এইবাৰ পদুম যাব দিছপুৰ, নাঙল যাব মিউজিয়ামত বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। মাজবাট সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ বাবে বিজেপিৰ প্ৰাৰ্থী জিতু কিষানক ভোট দিবলৈ ৰাইজক আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ। দিছপুৰত বিজেপিৰ চৰকাৰ হলে হে উন্নয়ন সম্ভৱ হ'ব বুলি ৰাইজক উদ্দেশ্যি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি বিপিএফক ন কইনাৰ লগত তুলনা কৰে মন্ত্ৰী গৰাকীয়ে। বিজেপি চৰকাৰ গঠন কৰাৰ পিছতে এক লাখ নিৱনুৱা যুৱক-যুৱতীক চাকৰি প্ৰদান, চাহবাগিচাৰ ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। ১ এপ্ৰিলত ই ভি এমত বিজেপিৰ চিহ্নত আঙুলি টিপি হোলী খেলিবলৈ ৰাইজক আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ। হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলক ৰাইজে এইবাৰ দাচবিনত পেলাব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

সাংসদ দিলীপ শইকীয়া, মাজবাটৰ ৩৯ নং পৰিষদীয় সমষ্টিৰ দীপক মৌৰক ৰাইজে ভোট দি নিৰ্বাচিত কৰাৰ পাছত আকৌ পুনৰ বিজেপি প্ৰাৰ্থী জিতু কিষানক ভোট দিবলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিয়ে গোৰ্খা সম্প্ৰদায়ৰ লোকক ৰাজনৈতিক অধিকাৰ প্ৰদান কৰি বিধায়কৰ মৰ্যাদা প্ৰদান কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

বিপিএফে গোৰ্খা সম্প্ৰদায়ৰ এজনো লোকক ৰাজনৈতিক অধিকাৰ প্ৰদান নকৰিলে বুলি উল্লেখ কৰি পুনৰ আক্ৰমণৰ লক্ষ্য কৰি ললে হাগ্ৰামা মহিলাৰীক। গোৰ্খা সম্প্ৰদায়ৰ লোকক বিজেপিৰ প্ৰাৰ্থী জিতু কিষানক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাই।

নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজৰ উৎসাহ দেখি মাজবাট সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জিতু কিষানৰ জয় নিশ্চিত বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ। মাজবাটত অনুষ্ঠিত এই নিৰ্বাচনী সভাত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া, সাংসদ পল্লৱ লোচন দাস, বহু কেইগৰাকী বিধায়ক, বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ নেতাৰ লগতে দহ সহস্ৰাধিক ৰাইজ।