/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/3-6.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ শেষ দিনটোত মঙ্গলবাৰে মঙলদৈত নিৰ্বাচনী পদযাত্ৰা কৰিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মঙলদৈ সমষ্টিৰ বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাসৰ হৈ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে।
হাজাৰ হাজাৰ বিজেপি সমৰ্থক আৰু কৰ্মকৰ্তাক লগত লৈ মঙলদৈ বিধান সভা সমষ্টিৰ চপাই হাতীবাকাৰা খেলপথাৰৰ পৰা আৰম্ভ কৰা প্ৰায় পোন্ধৰ কিলোমিটাৰ যোৰা এই পদযাত্ৰাত মঙলদৈৰ দৰঙী কলাকৃষ্টি প্ৰাঙ্গনত সামৰণি কৰে। পদযাত্ৰাত মঙলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়াইয়ো অংশ লয়।