/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/5-1.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ তৃতীয় তথা অন্তিম পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহনলৈ মাজত মাথোন কেইঘন্টামান সময় বাকী থকাৰ সময়তে সোমবাৰে গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত আহি উপস্থিত হয় নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক জগত গুৰুজনাৰ জন্মস্থান পূণ্যভূমি বটদ্ৰৱা থানত জাতীয় সাজ পৰিধান কৰি ড○ হিমন্ত বিশ্ব শৰ্মাই দৰ্শন কৰি কীৰ্তনঘৰত নামপ্ৰসঙ্গত শৰাই নৈবেদ্য, গুৱা-পান, বন্তি আগবঢ়ায় সেৱা গ্ৰহণ কৰে।
বটদ্রৱা থানৰ ভকত বৈষ্ণৱে তেখেতক আশীষ প্ৰদান কৰাৰ লগতে নিৰ্মালী আৰু প্ৰসাদ প্ৰদান কৰে। পাছত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ লগত মত বিনিময় কৰি গুৰুজনাৰ স্মৃতি বিজড়িত দুই পদশিলা দৰ্শন কৰে। বটদ্রৱা থান দৰ্শনৰ অন্তত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, ''আজি গুৰুজনাৰ জন্মস্থান সেৱা গ্ৰহণ কৰিলো। আজি মই ৰাজনীতিৰ কথা একো নকওঁ, বটদ্ৰৱা থানৰ পৰা অসমবাসীৰ ওচৰত নমস্কাৰ কৰিছোঁ, সেৱা লৈছো। আজি দুমাহ ধৰি দৌৰা দৌৰিৰ অন্তত আজি শাান্তিৰে আহি সেৱা লৈ পৰম শান্তি লাভ কৰিছো।"