দক্ষিণ শালমাৰা আৰু মানকাচৰ সমষ্টিত আশাকৰ্মী আৰু সাংবাদিকৰ পোষ্টেল ভোট গ্ৰহণ আৰম্ভ

দক্ষিণ শালমাৰা আৰু মানকাচৰ সমষ্টিত আশাকৰ্মী আৰু সাংবাদিকৰ পোষ্টেল ভোট গ্ৰহণ আৰম্ভ

author-image
asomiyapratidin
New Update
দক্ষিণ শালমাৰা আৰু মানকাচৰ সমষ্টিত আশাকৰ্মী আৰু সাংবাদিকৰ পোষ্টেল ভোট গ্ৰহণ আৰম্ভ

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সোমবাৰৰে পৰা জিলা খনৰ দুই সমষ্টিৰ আশা কৰ্মী আৰু সাংবাদিক সকলৰ পোষ্টেল ভোট গ্ৰহণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

Advertisment

উল্লেখযোগ্য যে, জিলা খনৰ অধীনত থকা মানকাচৰ সমষ্টিত মুঠ ২৫১ টা আৰু দক্ষিণ শালমাৰা সমষ্টিত ১৪ টা এভিইএছৰ পোষ্টেল ভোটসহ মুঠ ২৬৫ টা আশা কৰ্মী আৰু সাংবাদিকৰ পোষ্টেল ভোটৰ ব্যৱস্থা কৰা হৈছে। সোমবাৰে পুৱা ৯ বজাৰ পৰা বিয়লি ৬ বজালৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ নতুন ভৱনত এই ভোটগ্ৰহন দুয়োটা সমষ্টিৰ বাবে দুটা পৃথক ভোটগ্ৰহন কক্ষ নিৰ্মান কৰা হৈছে। ৩১ মার্চত ভোটাৰ সকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ত আহি নিজৰ নিজৰ ভোটদান কৰিব পাৰিব।