২০২২ চনৰ মাৰ্চ মাহৰ আগত ১ লাখ নিবনুৱাক দিম চৰকাৰী চাকৰি : হিমন্ত বিশ্ব শৰ্মা

২০২২ চনৰ মাৰ্চ মাহৰ আগত ১ লাখ নিবনুৱাক দিম চৰকাৰী চাকৰি : হিমন্ত বিশ্ব শৰ্মা

author-image
asomiyapratidin
New Update
২০২২ চনৰ মাৰ্চ মাহৰ আগত ১ লাখ নিবনুৱাক দিম চৰকাৰী চাকৰি : হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্ক : মই ৰাইজৰ ৰাজনীতি ২০ বছৰ আছো । আৰু মই যি কথা কৈছো সেয়া আখৰে আখৰে পালন কৰিছো । সেই বিশ্বাস আগত ৰাখি ৰাইজক বিশেষকৈ যুৱক-যুবতী সকলক কৈছো ২০২২ চনৰ মাৰ্চ মাহৰ আগত ১ লাখ যুবকক আমি চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিম । বিহালীৰ এক নিৰ্বাচনী প্ৰচাৰত এই প্ৰতিশ্ৰুতি দিয়ে ৰাজ্যৰ বিত্ত শিক্ষা তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

Advertisment

হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে – মই যুবক- যুবতী সকলক প্ৰতিশ্ৰুতি দিছো প্ৰতি বছৰে ২ লাখকৈ সৰ্বমুঠ ৫ বছৰত ১০ লাখ যুৱক – যুবতীক শ্বয়ম আঁচনিৰে আমি উপকৃত কৰিম । আমি ৰাইজক প্ৰতিশ্ৰুতি দিছো চৰকাৰী চাকৰিৰ উপৰিও ৮ লাখ যুবক যুৱতীক আমি আন বিভিন্ন ধৰনে কৰ্ম সংস্থাপন আৰু জীবিকাৰ পথ মুকলি কৰি দিম ।