/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/4-copy.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাত ৰাজনীতিৰ পট পৰিবৰ্তন ৷ প্ৰাক্তন মন্ত্ৰী তথা বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক গৌতম বৰাৰ কংগ্ৰেছ দল ত্যাগ। গৌতম বৰাৰ লগতে দল ত্যাগ কৰিলে বহুতো দলীয় কৰ্মী সমৰ্থকে। ধিঙত সংবাদ মেল পাতি দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিলে বৰাই।
দলীয় নেতৃত্বৰ অভাৱ আৰু লবী কেন্দ্রীক ৰাজনীতিৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে বিধায়ক গৰাকীয়ে। সাংসদ গৌৰৱ গগৈৰ ওপৰত ক্ষোভ বিধায়ক গৌতম বৰাৰ। কংগ্ৰেছ দল ত্যাগ কৰি পুনৰ অন্য ৰাষ্ট্ৰীয় দলত যোগদান কৰিব বুলি সংবাদ মেলত বিধায়কগৰাকীয়ে মতামত দাঙি ধৰে। লগতে অসমত মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰিব নোৱাৰে বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us