নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ সমৰ্থনত মৎস্যজীৱী কোষৰ সভা…

নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ সমৰ্থনত মৎস্যজীৱী কোষৰ সভা…

author-image
asomiyapratidin
New Update
নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ সমৰ্থনত মৎস্যজীৱী কোষৰ সভা…

ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী বিধানসভা সমষ্টিৰ ১০ নং দক্ষিণ বাঁহজানী গাওঁ পঞ্চায়তৰ কুমাৰীকাটাৰ পকোৱা বাঁহজানী কনিষ্ঠ মহাবিদ্যালয়ত আজি মৎস্যজীৱী কোষৰ পূব নলবাৰী মণ্ডলৰ উদ্যোগত এখন নিৰ্বচনী সভা অনুষ্ঠিত হয়৷

সমাজকৰ্মী ৰমেশ হালৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত মৎস্যজীৱী কোষৰ পূব নলবাৰী মণ্ডলৰ আহ্বায়ক ডিম্বেশ্বৰ বৈশ্য,জিলা আহ্বায়ক জিতু বৰ্মন, বিস্তাৰক হিৰণ্য বৰা, নৱ ডেকা আৰু কাৰ্যকৰ্তাসকলৰ লগতে তিনি শতাধিক মৎস্য ব্যৱসায়ৰ লগত জৰিত লোক উপস্থিত থাকে৷

সভাত ভাষণ দি মৎস্যজীৱী কোষৰ নেতাসকলে বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়নমুখী আঁচনিৰ বিষয়ে উল্লেখ কৰাৰ লগতে বিজেপি চৰকাৰৰ দিনতহে মৎস্যজীৱী লোকসকলৰ লগতে সাধাৰণ খাতিখোৱা জনতাৰ কল্যাণ সম্ভৱ বুলি মত প্ৰকাশ কৰে। তেওঁলোকে বিজেপি প্ৰাৰ্থী জয়ন্তমল্ল বৰুৱাক বিপুল ভোটত জয়ী কৰাৰ বাবেও আহ্বান জনায় ৰাইজক।।