দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কাউন্টিং বিষয়াক প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ…

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কাউন্টিং বিষয়াক প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ…

author-image
asomiyapratidin
New Update
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কাউন্টিং বিষয়াক প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ…

ডিজিটেল ডেস্কঃ অহা ২ মে তাৰিখে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দুই সমষ্টিৰ ভোট গণনাৰ বাবে শনিবাৰে ১১০ গৰাকী কাউন্টিং বিষয়াক প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হয়। উল্লেখ্য যে, ৰাজ্যৰ আন আন জিলাৰ আন আন সমষ্টিৰ লগতে জিলাখনৰ অধীনত ২১ নং মানকাচৰ আৰু ২২ নং দক্ষিণ শালমাৰা সমষ্টিতো ২ মে' তাৰিখে ভোট গণনা প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। এই ভোট গণনাৰ বাবে ১১০ গৰাকী কাউন্টিং বিষয়াক তিনি পৰ্যায়ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।

Advertisment

শনিবাৰে প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ পাছত অহা ২৭ এপ্ৰিলত দ্বিতীয় আৰু ২৯ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হ'ব বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া যে, সম্পূৰ্ণ কোভিড প্ৰট'কল মানি এইবাৰ ভোট গণনা প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হ'ব। ইতিমধ্যে জিলা প্ৰশাসনে ভোট গণনাৰ বাবে কাউন্টিং হল নিৰ্মাণৰ কাম আৰম্ভ কৰিছে।

দুয়োটা সমষ্টিৰ বাবে পৃথক পৃথক কক্ষ নিৰ্মাণ কৰি ভোট গণনা প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হ'ব। কাউন্টিং হল নিৰ্মাণৰ বাবেও শ্ৰমিক সকলে মুখত মাস্ক পৰিধান কৰি আৰু সামাজিক দূৰত্ব বজাই ৰাখি কাম কৰি থকা পৰিলক্ষিত হৈছে।