মাজুলীত নচলিব বহিৰাগত নেতাৰ দপদপনি : হুংকাৰ মাজুলী জিলা বিজেপিৰ সভাপতিৰ….

মাজুলীত নচলিব বহিৰাগত নেতাৰ দপদপনি : হুংকাৰ মাজুলী জিলা বিজেপিৰ সভাপতিৰ….

author-image
asomiyapratidin
New Update
মাজুলীত নচলিব বহিৰাগত নেতাৰ দপদপনি : হুংকাৰ মাজুলী জিলা বিজেপিৰ সভাপতিৰ….

ডিজিটেল সংবাদ, মাজুলী : মাজুলী গড়মূৰ ত মিত্ৰজোঁটে এখন আগন্তুক নিৰ্বাচন কেন্দ্ৰীক সংবাদমেলৰ আয়োজন কৰে। ৰাজ্যিক প্ৰভাৰী ৰূপা কামানৰ লগতে মিত্ৰজোতৰ অসম গন পৰিষদৰ বিষববীয়া , গনশক্তি আৰু বিজেপিৰ দলীয় নেতা উপস্থিত থাকে। সৰ্বাধিক ভোটত মাজুলীৰ পৰা মিত্ৰজোঁটৰ হৈ টিকট লাভ কৰা সৰ্বানন্দ সোনোৱালক দ্বিতীয় বাৰৰ বাবে জয়যুক্ত কৰি পঠিওৱাৰ কথা উল্লেখ কৰে সংবাদমেলত।

Advertisment

মাজুলী বিজেপিৰ সভাপতি লোকনাথ কুটুমে এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে। সৰ্বানন্দ সোনোৱালৰ লগত ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ পৰা একাংশ মাজুলীৰ বাহিৰৰ নেতা পালিনেতা সাংগো পাংগো আহি ভিৰ কৰেহি । নিৰ্বাচন ৰ লগতে সৰ্বানন্দ সোনোৱালৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশসমূহ চোৱা চিতা কৰাৰ লগতে থলুৱা নেতাক গুৰুত্বহীন কৰি দালালি আৰম্ভ কৰে। যাৰ ফলত অতিষ্ঠ হৈছে মাজুলীৰ বিজেপিৰ নেতা কৰ্মী সকল।

এই বছৰ মাজুলী জিলা বিজেপিয়ে বাহিৰৰ নেতাৰ দপদপনি তথা দালালি বন্ধ কৰিবৰ বাবে সৰ্বানন্দ সোনোৱালক দাবী জনোৱাৰ লগতে মাজুলী জিলা সমিতিয়ে এই কাৰ্যক তীব্ৰ বিৰোধিতা কৰিব । কেৱল প্ৰভাৰী গৰাকীৰ লগতে সৰ্বানন্দ সোনোৱাল আৰু মিত্ৰজোটত শীৰ্ষস্থানীয় নেতাৰ বাদে সকলোকে ইয়ালৈ আহি দাদাগিৰি খটুৱাতো সহ্য কৰা নহৱ বুলি স্পষ্ট কৈ উল্লেখ কৰে।

বিগত ৫ বছৰে মাজুলীৰ সাধাৰন জনতাই মুখ্যমন্ত্ৰীৰ আসনত থকা বাবে স্থানীয় বিধায়ক হিচাপে সৰ্বানন্দ সোনোৱালক সাক্ষাৎ কৰি নিজৰ অভাৱ অভিযোগ দিয়াৰ ক্ষেত্ৰত জতিলতাৰ সৃষ্টি হৈছিল। যিটো পূৰ্ণ সুযোগ একাংশ মাজুলী বাহিৰৰ নেতাই গ্ৰহন কৰিছিল। এইবছৰ ইয়াৰ বিৰোধিতা কৰিব মিত্ৰজোতে।

সোমবাৰে মাজুলী লৈ সৰ্বানন্দ সোনোৱাল আহিব আৰু অহা ৯ মাৰ্চত মনোনয়ন পত্ৰ দাখিল পৰিব। সংবাদমেলত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী মাধৱ দেউৰী ,গনশক্তি দলৰ মিছিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নীল দলে, বিজেপি ৰাজ্যিক কাৰ্যনিৰ্বাহ ক সদস্য দীপক গোস্বামীয়ে অংশগ্ৰহণ কৰে।