/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/2-5.jpg)
ডিজিটেল ডেস্কঃ ৬ এপ্ৰিলত দেশৰ আন ৪ ৰাজ্যৰ লগতে পশ্চিম বংগতো তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ যায়। ৰাজ্যখনৰ ৩১ টা সমমষ্টি সন্ধিয়া ৫ বজালৈকে ৭৭.৬৮ শতাংশ ভোটদান হয়। দিনটোত ৰাজ্যখনত বিভিন্ন ধৰণৰ অপ্ৰিতীকৰ ঘটনা সংঘটিত হোৱাৰ উপৰিও উলুবেৰিয়াত টি এম চিৰ এগৰাকী নেতাৰ ঘৰত ইভিএম আৰু ভি ভি পেট মেচিন উদ্ধাৰ হয়।
নিৰ্বাচন আয়োগে জনোৱা অনুসৰি, উদ্ধাৰ হোৱা ইভিএম কেইটা নিৰ্বাচনত ব্যৱহৃত হোৱা নাই। কিন্তু এই ইভিএম আৰু ভি ভি পেট মেচিন ক'ৰ পৰা নেতাগৰাকীৰ ঘৰত থাকিব পালে? এই লৈ এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰশ্নৰ সৃষ্টি হৈছে।
ইফালে নিৰ্বাচন আয়োগে ইভিএম আৰু ভি ভি পেট মেচিন কেইটা উদ্ধাৰ লগতে দায়িত্বত থকা ছেক্টৰ বিষয়াজনক নিলম্বন কৰে।