বােকাখাত বিধানসভা সমষ্টিৰ ২১৬ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ যাত্ৰা…

বােকাখাত বিধানসভা সমষ্টিৰ ২১৬ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ যাত্ৰা…

author-image
asomiyapratidin
New Update
বােকাখাত বিধানসভা সমষ্টিৰ ২১৬ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ যাত্ৰা…

ডিজিটেল সংবাদ, বোকাখাত : ২৭ মাৰ্চত অৰ্থাৎ শনিবাৰে হ'ব লগীয়া প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহনৰ বাবে ৯৩ নং বোকাখাত বিধানসভা সমষ্টিৰ ২১৬ ভোট গ্ৰহন কেন্দ্ৰলৈ শুকুৰবাৰে যাত্ৰা কৰিছে নিৰ্বাচনী বিষয়া কৰ্মচাৰী সকল ৷

Advertisment

১৭গৰাকী চেক্টৰ বিষয়াৰ অধীনৰ ১৭টা চেক্টৰৰ ২১৬ টা ভােট গ্রহণ কেন্দ্রৰ বাবে
৩৮ গৰাকী প্রিজাইডিং,৭১৪ গৰাকী পুলিং বিষয়া আৰু ২৪ গৰাকী মাইক্র অৱজাৰভাৰে শুকুৰবাৰৰ পুৱাৰে পৰা নিজ নিজ দায়ীত্ব আৰু ভোট গ্ৰহন সামগ্ৰীলৈ সমষ্টিৰ বিভিন্ন ভোট গ্ৰহন কেন্দ্ৰলৈ যাত্ৰা কৰিছে৷

ইফালে ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত লহৰে চাপৰিত এগৰাকী চাব-চেক্টৰ বিষয়াক নিযুক্তি দিয়া হৈছে । উল্লেখযোগ্য যে, বােকাখাত সমষ্টিত ২৬ টা ভােট গ্রহণ কেন্দ্র কেৱল মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ'ব ।

ইয়াৰ উপৰিও ২ টা ভােট গ্রহণ কেন্দ্র ক্ৰমান্বয়ে ৬২ নং বোকাখাত হিন্দী হাইস্কুল আৰু ৬৫ নং বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়  ভােট গ্রহণ কেন্দ্র দুটাক মডেল ভোটগ্ৰহণ কেন্দ্র হিচাপে গঠন কৰি তুলিছে মহকুমা প্ৰশাসনে ।

শুকুৰবাৰৰ পুৱাৰে পৰাই ভােট গ্রহণ কেন্দ্ৰলৈ বিষয়া-কৰ্মচাৰীসকলৰ যাত্ৰাৰ বাবে সৰু-বৰ প্রায় ২৫০ খন বাহন অধিগ্রহণ কৰিছে প্ৰশাসনে । বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয় প্ৰাংগনত নিৰ্মান কৰা অস্থায়ী কেন্দ্ৰৰ পৰা নিৰ্বাচনী বিষয়া কৰ্মচাৰীয়ে ভোটগ্ৰহন সামগ্ৰী সংগ্ৰহ কৰি ভোট গ্ৰহণ কেন্দ্ৰবোৰলৈ যাত্ৰা কৰিছে ৷ সমষ্টিটোৰ ২১৬ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰৰ মুঠ ১০ টা কেন্দ্ৰক জটিল বা ক্ৰিটিকেল ভোট গ্ৰহন কেন্দ্ৰ হিচাবে চিনাক্ত কৰি বিশেষ ব্যৱস্থা হাতত লৈছে মহকুমা প্ৰশাসনে ৷

৯ মার্চত প্রকাশ পােৱা ২০২১ চনৰ চুড়ান্ত ভোটাৰ তালিকা অনুসৰি ৯৩ নং বােকাখাত বিধান সভা সমষ্টিত মুঠ ১,৪৭,৪৮৭ গৰাকী ভোটাৰে নিজৰ নিজৰ ভোট দানৰ সুবিধা লাভ কৰিব।ইয়াৰে ৭৩৭৯৮ গৰাকী পুৰুষ ভােটাৰ আৰু ৭৩৬৮৬ গৰাকী মহিলা ভােটাৰ হোৱাৰ লগতে ৩ গৰাকী তৃতীয় লিংগৰ ভােটাৰ আছে। অহা কাইলৈ অৰ্থাৎ শনিবাৰে বোকাখাত সমষ্টিত মুঠ ১১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১,৪৭,৪৮৭ গৰাকী ভোটাৰে।