নাৰায়ণপুৰত ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ ভূপেন কুমাৰ বৰাৰ…

নাৰায়ণপুৰত ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ ভূপেন কুমাৰ বৰাৰ…

author-image
asomiyapratidin
New Update
নাৰায়ণপুৰত ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ ভূপেন কুমাৰ বৰাৰ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনৰ বাবে ১০৯ নং বিহপুৰীয়া বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিলে কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভূপেন বৰাই ৷ সোমাবাৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত মঙলবাৰে সমষ্টিটোৰ গনকদলনি গাঁও পঞ্চায়ত এলেকাত ঘৰে ঘৰে গৈ ৰাইজৰ কাষ চপাৰ চেষ্টা চলাইছে প্ৰাৰ্থীগৰাকীয়ে ৷

Advertisment

পদূলিয়ে পদূলিয়ে ধূপ নৈবদ্য হাতত লৈ প্ৰাৰ্থীগৰাকীক আদৰিবলৈ সমৰ্থকসকলে অপেক্ষা কৰা পৰিলক্ষিত হয় ৷ পঞ্চায়ত এলেকাটোৰ কেইবাটাও নামঘৰত সেৱা লোৱাৰ সমান্তৰালকৈ ৱাৰ্ডে ৱাৰ্ডে দলীয় সমৰ্থক সকলক লগত লৈ সদলবলে গৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে ৷ মঙলবাৰৰ দিনটোতে গণকদলনি পঞ্চায়ত এলেকাৰ কেইবাগৰাকীও বিৰোধী দলৰ কৰ্মী-সমৰ্থকে ভূপেন কুমাৰ বৰাৰ উপস্থিতিত জাতীয় কংগ্ৰেছ দলত যোগদান কৰে ৷ ৰাইজৰ আদৰ সন্মান লাভ কৰি আগন্তুক নিৰ্বাচনত জয়লাভ নিশ্চিত বুলি দাবী কৰে নেতা গৰাকীয়ে ৷ নেতা গৰাকীয়ে লগতে আশা প্ৰকাশ কৰিছে যে, অসমৰ ৰাজনৈতিক পটভূমিত এইবাৰ বিহপুৰীয়া সমষ্টিয়ে নেতৃত্ব বহন কৰিবলৈ সক্ষম হ'ব ৷