সন্ধিয়া ৬ বজাৰ লগে লগে অন্ত পৰিল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ

সন্ধিয়া ৬ বজাৰ লগে লগে অন্ত পৰিল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ

author-image
asomiyapratidin
New Update
লখিমপুৰত বিজেপি কৰ্মীৰ বাসভৱনত আক্ৰমণ

ডিজিটেল ডেস্কঃ অন্ত পৰিল ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ। সন্ধিয়া ৬ বজাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ সামৰে ৪০ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী তথা দল সমূহে। ৪৮ ঘন্টা পূৰ্বে নিৰ্বাচন আয়োগে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ৪০ টা সমষ্টিৰ নিৰ্বাচন প্ৰচাৰ অন্ত পৰাৰ কথা ঘোষণা কৰিছিল। আয়োগৰ ঘোষণাৰ ভিত্তিত সন্ধিয়া ৬ বজাৰ লগে লগে ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰে।

উল্লেখ্য যে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অন্তৰ্ভুক্ত সৰ্বমুঠ ৪০ টা সমষ্টিত মুঠ ৩৩৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তথ্য অনুসৰি, তৃতীয় পৰ্যায়ত ৭৯,১৯,৬৪১ গৰাকী ভোটাৰ আছে। ইয়াৰে ৪০,১১,৫৩৯ গৰাকী পুৰুষ, ৩৯,০৭,৯৬৩ গৰাকী মহিলাৰ পৰিৱৰ্তে ১৩৯ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে।